বঙাইগাঁৱত নৃশংস হত্যাকাণ্ড। বন্ধুৰ হাতত প্ৰাণ গ’ল নিজ বন্ধুৰ। বঙাইগাঁও সদৰ থানাৰ অন্তৰ্গত মাজগাঁৱত নিশা সংঘটিত হয় হত্যাকাণ্ড। দিলীপ বৰ্মন নামৰ ৫২ বছৰীয়া লোক এজনক নিজ বন্ধুৱে নৃশংসভাৱে হত্যা কৰে।
স্থানীয় প্ৰফুল্ল পাটগিৰি নামৰ লোকজনে নিজ ঘৰতে দিলীপ বৰ্মনক কাঠৰ টুকুৰাৰে মৰিয়াই মৰিয়াই হত্যা কৰে। একেলগে মদ্যপান কৰাৰ পিছত দুয়োৰে মাজত কাজিয়াৰ সূত্ৰপাত ঘটে। এটা সময়ত কাজিয়াই চূড়ান্ত ৰূপ লয় আৰু প্ৰফুল্ল পাটগিৰিয়ে কাঠৰ টুকুৰাৰে মৰিয়াই মৰিয়াই দিলীপ বৰ্মনক হত্যা কৰে।
চিঞৰ–বাখৰ শুনি ওলাই অহা প্ৰতিৱেশীয়ে ঘৰৰ কাষতে থকা জংঘলৰ পৰা দিলীপ বৰ্মনক উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰে যদিও চিকিৎসকে মৃত ঘোষণা কৰে৷ ঘটনাৰ খবৰ পাই আৰক্ষীৰ লোক উপস্থিত হৈ হত্যাকাৰী প্ৰফুল্ল পাটগিৰিক আটক কৰি থানালৈ নিয়ে। ইফালে প্ৰফুল্ল পাটগিৰিয়ে নিজ বন্ধুক কাঠৰ টুকুৰাৰে হত্যা কৰা বুলি স্বীকাৰ কৰে।
Tags:
National
