ডিব্ৰুগড়ৰ DTO সঞ্জীৱ হাজৰিকাৰ বাসগৃহত তালাচী!৭ লাখ ৩ হাজাৰ টকা জব্দ



 ডিব্ৰুগড় জিলা পৰিবহণ বিভাগৰ কাৰ্যালয়ৰ দুৰ্নীতিৰ বিৰুদ্ধে অসম আৰক্ষীৰ তদাৰকী আৰু দুৰ্নীতি শাখা সঞ্চালকালয়ৰ অভিযান অব্যাহত। জিলা পৰিবহণ বিষয়া সঞ্জীৱ হাজৰিকাৰ বাসগৃহত তালাচী চলোৱা হৈছে। এতিয়ালৈকে ৭,০৩,৮০০ টকা নগদ ধন উদ্ধাৰ কৰা হৈছে আৰু ৮৭ হাজাৰ বিমুদ্ৰাকৰণ কৰা নোট পোৱা গৈছে।


বুধবাৰে দালাল পংকজ শইকীয়া আৰু কনিষ্ঠ সহায়ক দিতিমণি গগৈক কাৰ্যালয়ত উৎকোচ লোৱা অৱস্থাত হাতে-লোটে গ্ৰেপ্তাৰ কৰিছিল অসম আৰক্ষীৰ তদাৰকী আৰু দুৰ্নীতি শাখা সঞ্চালকালয়ে।

দিতিমণি গগৈৰ বাসগৃহৰ পৰা ৯ লাখ ৩০ হাজাৰ ৫০০ টকা উদ্ধাৰ কৰিছিল অভিযানকাৰী দলে। সম্প্ৰতি জিলা পৰিবহণ বিষয়া সঞ্জীৱ হাজৰিকাৰ বাসগৃহত অভিযান অব্যাহত অভিযানকাৰী দলৰ।

Post a Comment

Previous Post Next Post