লংকাত সংঘটিত হৈছে কৰুণ ঘটনা। পিতৃৰ গাড়ীৰ চেঁপাত মৃত্যুমুখত পৰে এটি ১১মহীয়া কন্যা সন্তান।
লংকাৰ টেনতুলিত সংঘটিত হয় এই মৰ্মান্তিক ঘটনাটো। পিতৃ ফৰিছুদ্দিনে নিজৰ মহিন্দ্ৰা মেক্স' গাড়ীখন ঘৰতে পিছুওৱাৰ সময়ত গাড়ীৰ চকাৰ চেঁপাত মৃত্যুক সাৱটে দুৰ্ভগীয়া কন্যা সন্তানটিয়ে।ইফালে দুৰ্ঘটনাৰ পিছতো গম নোপোৱা পিতৃয়ে গাড়ীখন লৈ লংকাত উপস্থিত হোৱাৰ পিছতহে জানিব পাৰে ঘটনাৰ বিষয়ে। ইতিমধ্যে দুৰ্ঘটনা সংঘটিত কৰা AS 31C-0688 নম্বৰৰ মেক্স' গাড়ীখন আৰক্ষীয়ে কৰিছে জব্দ।
