দক্ষিণ কামৰূপত পুনৰ বাৰ PFIৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান৷ কামৰূপ জিলা আৰক্ষীৰ নেতৃত্বত পুৱতি নিশাৰ ভাগত নগৰবেৰাৰ বিভিন্ন স্থানত PFIৰ বিৰুদ্ধে চলে এই অভিযান৷ PFIৰ লগত জড়িত থকাৰ সন্দেহত আৰক্ষীয়ে পুৱতিনিশা নগৰবেৰাৰ পৰা আটক কৰে তিনিজনকৈ যুৱকক৷
আটক হোৱা যুৱককেইজন ক্ৰমে নগৰবেৰাৰ নজৰুল ইছলাম, নগৰবেৰা পলাহৰটাৰীৰ হাফিজুৰ ৰহমান আৰু নগৰবেৰাৰ টুপামাৰীৰ ৰফিকুল ইছলাম।
আনহাতে, গৰৈমাৰীতো নিশাৰ ভাগত চলিছিল অভিযান৷ অভিযান আটক হৈছে PFI সদস্য ছাইফুল ইছলাম৷ ছাইফুল ইছলামৰ ঘৰ গৰৈমাৰীৰ টুক্ৰাপাৰাত৷ নিশা আটক কৰিছিল ছাইফুল ইছলামৰ পিতৃ মৌলনা ৰফিকুল ইছলামক৷ ৰফিকুল ইছলাক মোকলোৱাৰ উদ্দেশ্যে পুৱাৰভাগত আত্মসমৰ্পন কৰে ছাইফুল ইছলামে৷ ছয়গাঁও থানাত আত্মসমৰ্পণ কৰে ছাইফুল ইছলামে৷
Tags:
National
