শুকুৰবাৰে অৰুণাচল প্ৰদেশৰ চিয়াং জিলাৰ টুটিঙত সংঘটিত হয় এক হেলিকপ্টাৰ দুৰ্ঘটনা। সেনাৰ দ্বাৰা প্ৰদান কৰা তথ্য অনুসৰি এএলএইচ হেলিকপ্টাৰ দুৰ্ঘটনাত পতিত হয়। 1043এইচ নম্বৰৰ এই ভাৰতীয় সেনাৰ এডভান্সড লাইট হেলিকপ্টাৰখন (এএলএইচ) আজি পুৱা ১০ বাজি ৪৩ মিনিটত মিগিঙৰ পাহাৰৰ মাজত দুৰ্ঘটনাগ্ৰস্ত হোৱা বুলি জানিবলৈ দিছে সেনা সূত্ৰই। জানিব পৰা মতে আৰক্ষী আৰু NDRFৰ উদ্ধাৰ অভিযান অব্যাহত আছে।
Tags:
National
