দুদিনীয়া কাৰ্যসূচীৰে উত্তৰাখণ্ডত উপস্থিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী



 দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দুদিনীয়া কাৰ্যসূচীৰে আজি উত্তৰাখণ্ড ভ্ৰমণ আৰম্ভ কৰে। পুৱা প্ৰায় ৮ বাজি ২০ মিনিটত তেওঁ কেদাৰনাথ ধামত উপস্থিত হৈ বাবা কেদাৰনাথৰ দৰ্শন কৰে আৰু ৰূদ্ৰাভিষেক অনুষ্ঠানত অংশগ্ৰহণ কৰে। বাবা কেদাৰনাথৰ দৰ্শনৰ সময়ত তেওঁ হিমাচলী টুপী আৰু এটা বিশেষ পোছাক চোলা-ডোৰা পিন্ধিছিল। এই সময়ছোৱাত তেওঁৰ সৈতে উত্তৰাখণ্ডৰ ৰাজ্যপাল গুৰমিত সিং আৰু মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীও উপস্থিত আছিল।


প্ৰধানমন্ত্ৰীগৰাকীয়ে কেদাৰনাথ ধামত ৯.৭ কিলোমিটাৰ দৈৰ্ঘ্যৰ ৰ'পৱে প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। জানিব পৰা মতে, ৯৪৬ কোটি টকা ব্যয় ব্যয়সাপেক্ষে নিৰ্মাণ হ'বলগীয়া এই ৰ'পৱেটো গৌৰকুণ্ডৰ পৰা আৰম্ভ হৈ কেদাৰনাথ ধামলৈ আহিব আৰু আগন্তুক ৫-৬ বছৰৰ ভিতৰত সম্পূৰ্ণ হ'ব। বাবা কেদাৰনাথৰ দৰ্শনৰ পিছত প্ৰধানমন্ত্ৰীগৰাকী আদি শংকৰাচাৰ্যৰ সমাধিতো উপস্থিত হয়। প্ৰধানমন্ত্ৰী মোদীয়ে তীৰ্থযাত্ৰী আৰু ভিৰ নিয়ন্ত্ৰণৰ সুবিধাৰ বাবে কেদাৰনাথত নিৰ্মাণ কৰা নতুন মন্দাকিনী আস্থা পথ আৰু সৰস্বতী আস্থা পথ পৰিদৰ্শন কৰে আৰু কেদাৰনাথ পুনৰ্বিকাশ প্ৰকল্পত কাম কৰা শ্ৰমজীৱীৰ সৈতে বাৰ্তালাপ কৰে।

প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁৰ ভ্ৰমণকালত বদ্ৰীনাথত প্ৰথম নিশা থাকিব আৰু ভাৰত-চীন সীমান্তৰ অন্তিম সীমান্তৱৰ্তী গাওঁ মানা গাঁৱত এখন ৰাজহুৱা সভা সম্বোধন কৰিব। তেওঁ 'সীমান্ত গাওঁ উন্নয়ন কাৰ্যসূচী' আঁচনিৰ পৰ্যালোচনা কৰিব। প্ৰধানমন্ত্ৰীয়ে চলিত বদ্ৰীনাথ মাষ্টাৰপ্লেন আঁচনিৰ পৰ্যালোচনা কৰিব।

Post a Comment

Previous Post Next Post