কোকৰাঝাৰৰ ভাৰপ্ৰাপ্ত DTOক গ্ৰেপ্তাৰ, ৩৬ লাখ টকাসহ গ্ৰেপ্তাৰ হ’ল পৰিবহণ বিষয়া সামেশ্বৰ ব্ৰহ্ম মুছাহাৰী


 

নিশা কোকৰাঝাৰ DTOক গ্ৰেপ্তাৰ আৰক্ষীৰ। কোকৰাঝাৰৰ ভাৰপ্ৰাপ্ত পৰিবহণ বিষয়া সামেশ্বৰ ব্ৰহ্ম মুছাহাৰীক গ্ৰেপ্তাৰ কোকৰাঝাৰ আৰক্ষীৰ। লগতে ৩৬ লাখ টকা নগদ ধন জব্দ কৰে আৰক্ষীয়ে। দীৰ্ঘদিন ধৰি বিভিন্ন অপৰাধজনিত কৰ্মত লিপ্ত হৈ ধন সংগ্ৰহৰ অভিযোগ বিষয়াগৰাকীৰ বিৰুদ্ধে।


অসম–বংগ সীমান্তৰ শ্ৰীৰামপুৰ গেটত ছিণ্ডিকেট বাহিনীৰ সৈতে মিলিত থকাৰ অভিযোগ দীৰ্ঘদিনীয়া। এক অভিযোগৰ ভিত্তিত কোকৰাঝাৰ আৰক্ষীয়ে নিশা অভিযান চলাই ৩৬ লাখ টকাসহ গ্ৰেপ্তাৰ কৰে পৰিবহণ বিষয়া সামেশ্বৰ ব্ৰহ্ম মুছাহাৰীক।
সম্প্ৰতি আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে। তদন্তৰ অন্তত বহু ছেণ্ডিকেট মাফিয়াৰ নাম পোহৰলৈ অহাৰ সম্ভাৱনা আছে।

Post a Comment

Previous Post Next Post