জন্মদিনত কেক সকলোৱে কাটে, কিন্তু ১০০০টা কেক কটা কেতিয়াবা শুনিছেনে?


 

নিজৰ জন্মদিনত কেক কটাটো আজিকালি এক নিয়মত পৰিণত হৈছে। জন্মদিনৰ বিশেষ দিনটো সুন্দৰ কৰি তুলিবলৈ সকলোৱে পৰিয়াল বা বন্ধুবৰ্গৰ সৈতে কেক কাটি আনন্দ প্ৰকাশ কৰে। জন্মদিনত একাধিক কেক কটাটো এতিয়া যেন এক ট্ৰেণ্ড। কিছুমানে যদি দুটা কেক কাটে, কিছুমানে আকৌ তিনি চাৰিটালৈ কেকট কাটি পালন কৰে জন্মদিন।


এজন মানুহে নিজৰ জন্মদিনত কিমানতা কেক কাটিব পাৰে বাৰু? ১০টা, ২০টা? কিন্তু মুম্বাইৰ এজন যুৱকে যেন সকলো অভিলেখেই ভংগ কৰিলে! নিজৰ জন্মদিনত ১০০০টা কেক কাটিলে এই যুৱকজনে।
দুয়োখন হাতেৰে কেক কাটি থকা যুৱকজনৰ জন্মৰ এই ভিডিঅ’ ভাইৰেল ছচিয়েল মিডিয়াত। ডেস্কৰ ওপৰত শাৰী শাৰীকৈ সজাই থোৱা কেকবোৰ এফালৰ পৰা কাটি গৈছে যুৱকজনে।

যুৱকজনৰ নাম সূৰ্য ৰাতুৰী। নিজৰ জন্মদিনত সূৰ্যই কাটিলে ১০০০টা কেক। দুয়োখন হাতত দুখন ছুৰী লৈ এফালৰ পৰা সূৰ্যই কাটি গৈছে কেক। এই ভিডিঅ’ এতিয়া ভাইৰেল হৈ পৰিছে ছচিয়েল মিডিয়া।

Post a Comment

Previous Post Next Post