নিশা গ্ৰেপ্তাৰ হ’ল কোকৰাঝাৰৰ জিলা পৰিবহণ বিষয়া সোমেশ্বৰ ব্ৰহ্ম মুছাহাৰী। ৩৬ লাখ নগদ ধনসহ গ্ৰেপ্তাৰ বিষয়াজনক। চিৰাঙৰ হাইনা নগৰীৰ পৰা মুছাহাৰীক গ্ৰেপ্তাৰ কৰে কোকৰাঝাৰ আৰক্ষীয়ে। কোকৰাঝাৰ, চিৰাং আৰু বঙাইগাঁও আৰক্ষীৰ যৌথ অভিযানত গ্ৰেপ্তাৰ হয় পৰিবহণ বিষয়াজন।
তেওঁৰ পৰা আৰক্ষীয়ে নগদ ৩৬ লাখ টকাও জব্দ কৰিবলৈ সক্ষম হয়। মাজনিশা চলিছিল আৰক্ষীৰ এই অভিযান। অভিযানত আন দুজন জিলা এনফ’ৰ্চমেণ্টৰ লোককো গ্ৰেপ্তাৰ কৰা হয়। ধৃত লোক দুজন ৰিচাৰ্ড মুছাহাৰী আৰু মনোজ বসুমতাৰী। ধৃত ৰিচাৰ্ড মুছাহাৰীৰ পৰা ডেৰ লাখ টকা উদ্ধাৰ হোৱাৰ হয়। কোকৰাঝাৰ জিলাৰ শ্ৰীৰামপুৰ গেটত ছিণ্ডিকেটত জড়িতৰ অভিযোগ আটাইকেইজনৰ বিৰুদ্ধে।
পৰিবহণ বিষয়া সোমেশ্বৰ মুছাহাৰীৰ প্ৰকৃত ঘৰ কোকৰাঝাৰত যদিও তেওঁ চিৰাঙৰ ভাড়া ঘৰত আছিল পৰিয়ালৰ সৈতে। গুৱাহাটীৰ কাহিলীপাৰাতো তেওঁৰ এটা ঘৰ আছে। ইতিমধ্যে গুৱাহাটীৰ বাসগৃহতো আৰক্ষীয়ে চলাইছে অভিযান। অভিযানত জব্দ হৈছে কেতবোৰ নথি–পত্ৰ।