দুদিনীয়া ভ্ৰমণসূচীৰে অসমত দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু


 

দুদিনীয়া ভ্ৰমণসূচীৰে অসমত দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু। ৰাষ্ট্ৰপতি হৈ প্ৰথমবাৰৰ বাবে অসমলৈ আহিছে মুৰ্মু। ত্ৰিপুৰাৰ পৰা গুৱাহাটী বিমানবন্দৰত উপস্থিত ৰাষ্ট্ৰপতিগৰাকী। গুৱাহাটী বিমানবন্দৰত অভিবাদন ৰাষ্ট্ৰপতিক।


১ বাজি ৩০ মিনিটত বিমানবন্দৰৰ পৰা গুৱাহাটী IITৰ হেলিপেডত উপস্থিত হ’ব ৰাষ্ট্ৰপতি মুৰ্মু। গুৱাহাটী IITত দুপৰীয়া আহাৰ গ্ৰহণ কৰি ৩ বজাত অংশ লব IITৰ অনুষ্ঠানত। ৩ বজাত IIT ভূপেন হাজৰিকা প্ৰেক্ষাগৃহত ‘পৰম কামৰূপা’ ছুপাৰ কম্পিউটাৰ প্ৰকল্পৰ শুভাৰম্ভ কৰিব ৰাষ্ট্ৰপতিগৰাকীয়ে। লগতে মুকলি কৰিব ‘সমীৰ’ নামৰ এটা গৱেষণাগাৰো।

IITৰ পৰা ভাৰ্চুৱেলী মুকলি কৰিব ৰাজ্যৰ নৱম চিকিৎসা মহাবিদ্যালয় ধুবুৰী চিকিৎসা মহাবিদ্যালয় হাস্পতাল।  ডিব্ৰুগড় আৰু মধ্য প্ৰদেশৰ জব্বলপুৰত ৰাষ্ট্ৰীয় ভাইৰ'লজী প্ৰতিষ্ঠানৰ মাণ্ডলিক শাখাৰ আধাৰশিলা স্থাপন কৰিব ৰাষ্ট্ৰপতিগৰাকীয়ে। ৪ বজাত অনুষ্ঠিত হ’বলগীয়া অনুষ্ঠানত ৰাজ্যৰ ৰাজ্যপাল জগদীশ মুখী আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাও উপস্থিত থাকিব। IITৰ কাৰ্যসূচী সামৰি খানাপাৰ ৰাজ্যিক অতিথি শালালৈ ৰাওনা হ’ব

Post a Comment

Previous Post Next Post