ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত অব্যাহত থকা যুদ্ধই লৈছে নতুন দিশ। ৰাছিয়াৰ সোমবাৰে পুনৰ কেইবাটাও বোমা বিস্ফোৰণেৰে কঁপাই তোলে কিয়েভ। সংবাদ সংস্থা এ এফ পিৰ মতে, কিয়েভত ৰাছিয়াৰ শেষটো আক্ৰমণৰ মাত্ৰ এসপ্তাহৰ পিছতেই এই আক্ৰমণ সংঘটিত হৈছে।চহৰখনত পুৱা ৬.৩৫ৰ পৰা ৬.৫৮ বজাৰ ভিতৰত কেইবাটাও বোমা বিস্ফোৰণ কৰা হয়। এই আক্ৰমণসমূহ ৰাছিয়াই কামিকাজ ড্ৰোনৰ সহায়ত সংঘটিত কৰে। ইয়াৰ পূৰ্বে শুকুৰবাৰে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনে সকীয়নি দিছিল যে ৰাছিয়াৰ বাহিনীৰ সৈতে নাটোৰ সৈন্যৰ সংঘৰ্ষ হ’লে এক “গোলকীয় বিপৰ্যয়” হ’ব।
কাজাখস্তানৰ ৰাজধানী আস্তানাত এখন সংবাদমেল সম্বোধন কৰি পুটিনে কয় যে ৰাছিয়াৰ সেনাবাহিনীৰ সৈতে প্ৰত্যক্ষ যোগাযোগ বা সৈন্যৰ সৈতে নাটোৰ প্ৰত্যক্ষ মুখামুখি হ’লে এক অতি বিপজ্জনক পদক্ষেপ হ’ব, যাৰ ফলত বিশ্বব্যাপী বিপৰ্যয়ৰ সৃষ্টি হ’ব পাৰে, মই আশা কৰিছোঁ এনে পদক্ষেপ নোলোৱাটো বুদ্ধিমানৰ কাম হ'ব।"