গোসাঁইগাঁৱত পুনৰ আন এক পথ দুৰ্ঘটনা। গোসাঁইগাঁৱৰ পাণবাৰী গাঁৱত এই ঘটনা। ট্ৰাকৰ খুন্দাত এজনৰ মৃত্যু। নিহত লোকজন কচুগাঁও থানাৰ অন্তৰ্গত খাগ্ৰাবাৰী গাঁৱৰ সতীশ বসুমতাৰী বুলি চিনাক্ত কৰা হৈছে।
গুৰুফেলা বজাৰৰ পৰা নিজ বাসগৃহলৈ যোৱা সময়তে পশ্চিমবংগ অভিমুখে যোৱা মালবাহী ট্ৰাকৰ খুন্দাত নিহত হয় লোকজন। দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাকখনৰ নম্বৰ MH26BE 8411। আজি কচুগাঁৱত এজন ছাত্ৰ পথ দুৰ্ঘটনাগ্ৰস্ত হৈ মৃত্যুৰ সৈতে যুঁজ দি থকাৰ পিছতে আন এটা পথ দুৰ্ঘটনাই উদ্বিগ্ন কৰিছে অঞ্চলটোৰ লোকসকলক।