নলবাৰীৰ দুই জেহাদীৰ গ্ৰেপ্তাৰৰ লগতে তামুলপুৰতো দুই দুধর্ষ জেহাদী গ্ৰেপ্তাৰ। তামুলপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে দুয়োগৰাকী জেহাদীক। গ্ৰেপ্তাৰ হোৱা দুয়োটা জেহাদীৰ নাম ক্ৰমে চাদেক আলী (৩৪) আৰু জাকিবুল আলী(২৩)।
ইয়াৰে চাদেক আলী (৩৪) নামৰ লোকজনৰ ঘৰ বৰপেটাৰ হাউলীত। তামুলপুৰ জিলাৰ ২নং ডোঙাৰগাঁওৰ এটা মাদ্ৰাছাত শিক্ষকতা কৰি জেহাদী কাৰ্যকলাপ চলাই আছিল লোকজন।
আনহাতে জাকিবুল আলী (২৩) নামৰ লোকজনৰ ঘৰ নলবাৰী জিলাৰ ন-মাটিত। তামুলপুৰৰ দৰঙামেলাত থাকি চলাই আছিল জেহাদী কাৰ্যকলাপ।
Tags:
National