গোলাঘাটৰ দুসুঁতিমুখত বাঘৰ আতংক! নাহৰফুটুকীৰ আক্ৰমণত আহত দুজন লোক


 

গোলাঘাট জিলাৰ অন্তৰ্গত দেৰগাঁৱৰ দুসুঁতিমুখত এটা নাহৰফুটুকী বাঘৰ আক্ৰমণৰ বলি হ'ল দুজনকৈ লোক। লোক দুজনে গৰুক পানী খুৱাবলৈ পথাৰলৈ যাওঁতেই হঠাৎ এটা প্ৰকাণ্ড নাহৰফুটুকী বাঘে আক্ৰমণ কৰে। আক্ৰমণ কৰি  নাহৰফুটুকীটো এজোপা গছত উঠি যায়।



কোনোমতে নিজৰ প্ৰাণ ৰক্ষা কৰা লোক দুজনৰ খবৰ পাই স্থানীয় লোকৰ সমাগম হয়। স্থানীয় লোকে বন বিভাগক খবৰ দিয়ে যদিও এতিয়ালৈকে বন্দী কৰিব পৰা নাহৰফুটুকীটোক। আতংকিত হৈ পৰিছে অঞ্চলবাসী।

Post a Comment

Previous Post Next Post