মিজোৰামত ৩৫ কোটি টকা মূল্যৰ হেৰ’ইন জব্দ



 মিজোৰাম আৰক্ষীৰ এটা ভগ্নী সংস্থাৰ সহযোগত এক বিশেষ সূত্ৰৰ পম খেদি আজি পুৱাই চম্ফাই আৰক্ষীৰ বিশেষ অভিযানকাৰী দলে আন্তঃৰাষ্ট্ৰীয় বজাৰত ৩৪.১৮ কোটি টকা মূল্যৰ ৬.৮৩৬ কিলোগ্ৰাম ওজনৰ ৫০০ পেকেট হেৰ’ইন জব্দ কৰে।

আকৌ এবাৰ বিভিন্ন সংস্থাৰ মাজত সহায় আৰু সহযোগিতাই আমাৰ ড্ৰাগছ বিৰোধী অভিযানত আন এক অসাধাৰণ সফলতা কঢ়িয়াই আনিছে, যিটো ৰাজ্যৰ শেহতীয়া ইতিহাসত হেৰ’ইন জব্দৰ আটাইতকৈ ডাঙৰ ঘটনা।" বুলি প্ৰকাশ কৰিছে মিজোৰাম আৰক্ষীয়ে।

উল্লেখযোগ্য যে, ভেংছাঙৰ লালামপুইয়া (৪৫) য়ে চলাই অহা বাহনখন চম্ফাই টুইপুই নদীৰ সমীপৱৰ্তী নিউ চম্ফাইত জব্দ কৰে। চালকজনক গ্ৰেপ্তাৰ কৰি ফৰৱাৰ্ড/ বেকৱাৰ্ড লিংকেজৰ ওপৰত অধিক তদন্তৰ বাবে চম্ফাই আৰক্ষী থানাত গোচৰ ৰুজু কৰা হৈছে।

'ড্ৰাগছ বিৰোধী মিজোৰাম'ৰ বাবে আমাৰ অভিযানত সকলো সংস্থাই একেলগে কাম কৰি থকাৰ সময়তে কঠোৰ সতৰ্কতা বজাই ৰাখিছে যদিও আমি অংশীদাৰ সংস্থা/ বেচৰকাৰী সংস্থা/ ব্যক্তিসকলকো উপযুক্ত চোৰাংচোৱাগিৰি প্ৰদান কৰাৰ বাবে অশেষ ধন্যবাদ জনাইছো।" বুলি কৃতজ্ঞতা প্ৰকাশ কৰে মিজোৰাম আৰক্ষীয়ে।

Post a Comment

Previous Post Next Post