ট্ৰাক ড্ৰাইভাৰে প্ৰধানমন্ত্ৰী কাৰ্যালয়লৈ ই-মেইল কৰাৰ পিছত দিল্লীৰ নিৰ্দেশত শ্ৰীৰামপুৰ পৰিবহণ চিণ্ডিকেটৰ বিৰুদ্ধে আৰক্ষীয়ে চলাইছিল এক অভিযান। উক্ত অভিযানত ১০ আৰু ১১ অক্টোবৰত চিণ্ডিকেটৰ লগত জড়িত থকাৰ অভিযোগত ৯ জনক আটক কৰিছিল আৰক্ষীয়ে।
তাৰপিছত, বুধবাৰে চিণ্ডিকেট চক্ৰৰ লগত জড়িত কোকৰাঝাৰৰ জিলা পৰিবহণ বিষয়া সোমেশ্বৰ ব্ৰহ্ম মুছাহাৰীৰ লগতে তেওঁৰ তিনি সহযোগীক আটক কৰিছিল আৰক্ষীয়ে।
বৃহস্পতিবাৰে গোসাঁইগাওঁ মহকুমা ন্যায়িক দণ্ডাধীশ আদালতে দুদিনৰ বাবে আৰক্ষীৰ জিম্মাত দিয়ে সোমেশ্বৰ ব্ৰহ্ম মুছাহাৰীৰ লগতে তেওঁৰ তিনি সহযোগীক। আৰক্ষী জিম্মাৰ দুদিনৰ অন্ততঃ আজি সোমেশ্বৰ ব্ৰহ্ম মুছাহাৰীৰ লগতে তেওঁৰ তিনি সহযোগীক আদালতত হাজিৰ কৰোৱা হয়।
উল্লেখযোগ্য যে, আৰক্ষীয়ে জিম্মাত বিচৰা নাই সোমেশ্বৰ ব্ৰহ্ম মুছাহাৰীৰ লগতে তেওঁৰ তিনি সহযোগীক। গোসাঁইগাওঁ মহকুমা আদালতে চাৰিও জনকে জামিনৰ আবেদন নাকচ কৰি ১৪ দিনৰ বাবে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে।
এতিয়া প্ৰশ্ন হ'ল, দিল্লীৰ নিৰ্দেশত আন্তঃৰাজ্যিক চেকপোষ্ট শ্ৰীৰামপুৰত চিণ্ডিকেটৰ বিৰুদ্ধে আৰম্ভ হোৱা তদন্ত সমাপ্তিৰ পথত নেকি? প্ৰায় এসপ্তাহ যোৰা আৰক্ষীৰ তদন্তত কি পালে সেয়া কিন্তু এতিয়ালৈকে আৰক্ষীয়ে স্পষ্ট কৰা নাই।

Tags:
National