জম্মু–কাশ্মীৰত পুনৰ এজন কাশ্মীৰী পণ্ডিতক হত্যা। ছপিয়ান জিলাৰ চৌধৰী গুণ্ড অঞ্চলত কাশ্মিৰী পণ্ডিত সম্প্ৰদায়ৰ এজন ব্যক্তিক লক্ষ্য কৰি গুলীচালনা কৰে সন্ত্ৰাসবদীয়ে। লোকজনক লগে লগে হাস্পতালত ভৰ্তি কৰোৱা হয় যদিও মৃত্যুক সাবটি লয়। জম্মু–কাশ্মীৰ আৰক্ষীয়ে এক বিবৃতিত কয়, ‘ছপিয়ানৰ চৌধৰী গুণ্ডত এখন বাগিচাৰ ফালে গৈ থকা এজন নাগৰিক পুনৰণ কৃষ্ণ ভাটলৈ লক্ষ্য কৰি সন্ত্ৰাসবাদীয়ে গুলীচালনা কৰে। তেওঁক ততালিকে হাস্পতাললৈ নিয়া হয় যদিও মৃত্যুক সাবটি লয়। অঞ্চলটো নিৰাপত্তাৰক্ষীয়ে ঘেৰাও কৰি ৰাখিছে। আক্ৰমণকাৰীৰ সন্ধান অব্যাহত আছে।’
আক্ৰমণকাৰীক চিনাক্ত কৰাৰ বাবে আশে পাশে থকা চিচিটিভি ফুটেজৰো সন্ধান কৰা হৈছে। জম্মু–কাশ্মীৰৰ ছপিয়ানতে সন্ত্ৰাসবাদীয়ে আগষ্ট মাহত আপেল বাগানত আত্মগোপন কৰি সন্ত্ৰাসবাদীয়ে সাধাৰণ নাগৰিকৰ ওপৰত গুলীচালনা কৰিছিল। এই ঘটনাত এজন কাশ্মীৰী হিন্দু সুনীল কুমাৰ ভাটৰ মৃত্যু হৈছিল। আনহাতে, তেওঁৰ ভাতৃ পিণ্টু কুমা ভাট আহত হৈছিল। সন্ত্ৰাসবাদী সংগঠন কাশ্মীৰ ফ্ৰীডম ফাইটাৰ্ছে এই আক্ৰমণৰ দায়িত্ব লৈছিল।
Tags:
National