অমিত শ্বাহৰ বাগৃহত ৫ ফুট দীঘল সাপ! আধা ঘণ্টাৰ চেষ্টাৰ অন্তত উদ্ধাৰ



 প্কেৰতন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ বাসগৃহত উদ্ধাৰ ৫ ফুট দীঘল সাপ। বৃহস্পতিবাৰে সাপডাল উদ্ধাৰ কৰা হয়। দিল্লীত অমিত শ্বাহৰ বাংলোৰ নিৰাপত্তাৰক্ষীৰ ঘৰৰ সমীপতে সাপডাল দেখা যায়। অৱশ্যে ৫ ফুট দীঘল সাপডাল বিষহীন বুলি জানিব পৰা গৈছে। কোনো প্ৰকাৰে বাংলোৰ ভিতৰলৈ সোমাই আহিছিল সাপডাল। এটা পশুপ্ৰেমী সংস্থাক খবৰ দিয়াত তেওঁলোকৰ কৰ্মীয়ে আহি সাপডাল উদ্ধাৰ কৰে।


সংগঠনটোৰ এজন লোকে জনাইছে, বিগত বৃহস্পতিবাৰে হঠাৎ অমিত শ্বাহৰ বাসগৃহত কৰ্তব্যৰত এজন নিৰাপত্তাৰক্ষীৰ ভৰিত লাগে সাপডাল। লগে লগে পশুপ্ৰেমী সংস্থাটোৰ হেল্পলাইন নম্বৰত যোগাযোগ কৰা হয়। প্ৰায় ৩০ মিনিটৰ চেষ্টাৰ অন্তত উদ্ধাৰ কৰিবলৈ সক্ষম হয় সাপডাল। চিকিৎসাৰ অন্তত সাপডালক জংঘলত এৰিয়া দিয়া হ’ব।

সাধাৰণতে, জলাশয়, কৃষিভূমিত এই ধৰণৰ সাপ দেখা যায়। সাপডাল জীৱিত অৱস্থাত উদ্ধাৰ কৰাত সহায় কৰাৰ বাবে অমিত শ্বাহৰ বাসগৃহৰ নিৰাপত্তাৰক্ষীক ধন্যবাদ জনায় সংস্থাটোৰ কৰ্মীসকলে।

Post a Comment

Previous Post Next Post