চীন সীমান্তৰ পৰা সন্ধানহীন অৰুণাচল প্ৰদেশৰ ২ জন যুৱক, ৫২ দিনৰ পাছতো নাই কোনো খবৰ


 

চীন সীমান্তৰ সমীপত নিৰুদ্দেশ হৈছে অৰুণাচল প্ৰদেশৰ বেটিলুম টিকৰো আৰু বেইংছ’ মনু নামৰ দুজন যুৱক। এই সন্দৰ্ভত তথ্য প্ৰদান কৰি আঞ্জৱ জিলা আৰক্ষী অধীক্ষক ৰাইক কামছিয়ে কয় যে ভাৰত-চীন সীমান্তৱৰ্তী অঞ্চললৈ ঔষধি উদ্ভিদৰ সন্ধানত যোৱা দুজন যুৱক নিৰুদ্দেশ হৈছিল। তেওঁলোকৰ পৰিয়ালৰ লোকে ৯ অক্টোবৰত আৰক্ষীত নিৰুদ্দেশৰ এজাহাৰ দাখিল কৰিছিল। আৰক্ষীয়ে সেনাৰ সৈতে যোগাযোগ কৰিছে আৰু আৰক্ষীৰ অনুসন্ধান আৰু উদ্ধাৰ অভিযানো চলি আছে। অৰুণাচল-চীন সীমান্তত চীনা সেনাই পণবন্দী কৰি ৰখাৰো সন্দেহ কৰিছে বেটিলুম টিকৰো আৰু বেইংছ’ মন্যুৰ পৰিয়ালে।


দুয়োজন যুৱক আঞ্জৌৰ গোইলিয়াং চহৰৰ বাসিন্দা। ১৯ আগষ্টত তেওঁলোক ঔষধি উদ্ভিদৰ সন্ধানত ঘৰৰ পৰা ওলাই আঞ্জৌৰ চাগালগামলৈ গৈছিল যদিও তাত উপস্থিত নহ’ল। ২৪ আগষ্টত তেওঁলোকক শেষবাৰৰ বাবে দেখা গৈছিল। তেতিয়াৰ পৰা তেওঁলোকৰ কোনো খবৰ নাই। সন্ধানহীন যুৱককেইজনৰ আত্মীয়ই জনোৱা মতে, তেওঁলোকে দুয়োকে নিজৰ স্তৰত বিচাৰিছিল। কোনো সন্ধান নোপোৱাত ৯ অক্টোবৰত স্থানীয় থানা খুপাত এজাহাৰ দাখিল কৰে। পৰিয়ালকেইটাই কেন্দ্র, ৰাজ্য চৰকাৰ আৰু সেনাক সহায়ৰ বাবে আবেদন জনাইছে৷ টিকৰোৰ পৰিয়ালৰ এজন সদস্যই কয়, ‘আমি সেনাবাহিনীৰ পৰা সহায় বিচাৰিছো কাৰণ আমি সন্দেহ কৰিছো যে তেওঁলোক হয়তো অজানিতে চীনলৈ লৈ গৈছে।’আৰক্ষীয়ে জনোৱা মতে, দুয়োজনকে বিচাৰি উলিয়াবলৈ তালাচী অভিযান আৰম্ভ কৰা হৈছে। অঞ্জৱৰ এছ পি ৰাইকে কামছিয়ে কয় যে বনৌষধি বিচাৰি হাবিলৈ যোৱাটো সাধাৰণ কথা, ল’ৰাকেইটাই হয়তো সীমান্তৰ ওচৰৰ এঘৰত আশ্ৰয় লৈছে। কাৰণ গোইলিয়াঙৰ পৰা খোজকাঢ়ি সেই ঠাইলৈ যাবলৈ ১২ দিন পৰ্যন্ত সময় লাগে। ২০২২ চনৰ জানুৱাৰী মাহতো অৰুণাচল প্ৰদেশৰ বাসিন্দা মীৰাম টাৰনে লাইন অৱ একচুৱেল কন্ট্ৰলৰ ওচৰৰ অৰণ্যত ঔষধি উদ্ভিদ বিচাৰি বিচৰণ কৰি অজানিতে চীনলৈ গৈছিল। চীনা সৈন্যই তেওঁক বন্দী কৰিছিল। কিন্তু ভাৰতীয় সামৰিক বিষয়াৰ হস্তক্ষেপৰ কিছুদিন পিছতে তেওঁক মুকলি কৰি দিয়া হয়।

২০২০ চনৰ ছেপ্টেম্বৰ মাহত চীনে অপহৰণ কৰিছিল ৫ জন যুৱকক
২০২০ চনৰ ছেপ্টেম্বৰ মাহতো পি এল এয়ে অৰুণাচল প্ৰদেশৰ সোৱণশিৰি জিলাৰ ৫ জন যুৱকক অপহৰণ কৰি প্ৰায় এসপ্তাহৰ মূৰত মুকলি কৰি দিয়ে। তাৎপৰ্যপূৰ্ণভাৱে ভাৰতে লাডাখৰ পৰা অৰুণাচল প্ৰদেশলৈ চীনৰ সৈতে ৩৪০০ কিলোমিটাৰ দৈৰ্ঘ্যৰ লাইন অৱ একচুৱেল কন্ট্ৰলে (LAC) ভাগ কৰিছে। চীনৰ সৈতে অৰুণাচল প্ৰদেশৰ ১০৮০ কিলোমিটাৰ দৈৰ্ঘ্যৰ সীমা আছে। ইয়াৰ বাহিৰেও ম্যানমাৰৰ সৈতে ৫২০ কিলোমিটাৰ দীঘল আৰু ভূটানৰ সৈতে ২১৭ কিলোমিটাৰ দৈৰ্ঘ্যৰ সীমা আছে।

Post a Comment

Previous Post Next Post