২০ অক্টোবৰৰ ৰাশিফল, চাওক কেনে যাব আপোনাৰ আজিৰ দিনটো


 

ভাৰতীয় মতে ৰাশিফল গণনা কৰা হয় চন্দ্ৰৰ অৱস্থানৰ ওপৰত ভিত্তি কৰি। কিন্তু ইংৰাজী মতে এইক্ষেত্ৰত প্ৰাধান্য দিয়া হয় সূৰ্যক। সেয়ে ইংৰাজীত ৰাশিক কোৱা হয় ছানছাইন। এইক্ষেত্ৰত জন্মদিন অনুসৰি বুজা যায় এজন ব্যক্তি কোন ৰাশিৰ জাতক বা জাতিকা।


মেষ : আজি হঠাৎ কোনো ঘটনাৰ ফলত নিজকে পৰাজিত যেন অনুভৱ হ’ব পাৰে, পিছুৱাই নাহিব, হাতৰ কাম শেষ কৰক, সময়ত সফলতা আহিব।

বৃষ : অৰ্থনৈতিক অৱস্থাক লৈ শীতল মস্তিষ্কৰে বিবেচনা কৰিব লাগিব। অত্যধিক খৰচৰ পৰা বিৰত থাকক। পৰিয়ালৰ মতামত অৱজ্ঞা নকৰিব।

মিথুন : আজিৰ দিনটো আনন্দৰ মাজেৰে পাৰ হ’ব। পুৰণি বন্ধুৰ সৈতে দেখা হ’ব পাৰে। আৰ্থিক অৱস্থাৰ উন্নতি হ’ব।

কৰ্কট : সিদ্ধান্তহীনতাৰ মনোবৃত্তিয়ে সমস্যাত পেলাব পাৰে। সেয়ে নিজকে শক্তিশালী কৰিব লাগিব। পুৰণি কাম শেষ নকৰিলে নতুন কামৰ ফালে আগুৱাব নোৱাৰিব।
সিংহ : ঘনিষ্ঠ কোনোৱে আজি আবেগপ্ৰৱণ হৈ পৰিলে তেওঁৰ আচৰণৰ দোষ নিবিচাৰিব। নিজকে শান্ত ৰাখক, ধৈৰ্য ধৰিলে সকলো সমস্যাৰে সমাধান সম্ভৱ।

কন্যা : আনৰ সঠিক যুক্তিও আপুনি শুনিব নিবিচাৰে। আজি নিজৰ মনে যি কয় সেয়াই কৰক, সফলতা আহিব।

তুলা : ঘনিষ্ঠ কাৰোবাৰ বিয়াৰ খবৰ শুনি আনন্দৰ পৰিৱেশৰ সৃষ্টি হ’ব পাৰে। সম্পৰ্কক পৰৱৰ্তী পৰ্যায়লৈ লৈ যোৱাৰ বাবে সাজু হওক।

বৃশ্চিক : অতীতৰ কাৰোবাৰ সৈতে আজি দেখা হোৱাৰ সম্ভাৱনা আছে, যিয়ে আপোনাৰ ভৱিষ্যতত গুৰুত্বপূৰ্ণ ভূমিকা ল’ব। সেয়ে কাৰোবাক দেখা পালে অৱহেলা নকৰিব।

ধনু : আজি কৰ্মক্ষেত্ৰৰ পৰা সমাদৰ লাভ কৰিব। স্বভাৱজাত সততাৰ গুণৰ বাবে প্ৰশংসা পাব। কিন্তু কোনো সিদ্ধান্ত লোৱাৰ পূৰ্বে আজি সকলো দিশ চালিজাৰি চাওক।

মকৰ : ঘনিষ্ঠ কাৰোবাৰ দোষ নিজৰ কান্ধত লোৱাৰ পূৰ্বে ভালকৈ ভাবক, সিয়ে আপোনাক আইনী মেৰপেঁচত পেলাব পাৰে। বিশেষ কোনো ঘটনাই আজি জীৱনৰ পথ সলনি কৰিব পাৰে।

কুম্ভ : অপ্ৰত্যাশিত কোনো ঘটনাৰ ফলত আজি কামৰ চাপ বাঢ়িব, সেয়া পৰিয়াল হওক বা কৰ্মক্ষেত্ৰ। হতাশ নহৈ কাম কৰি যাওক। সহজেই সেয়া শেষ কৰিব পাৰিব লাগি থাকিলে।

মীন : কৰ্মক্ষেত্ৰই হওক বা পৰিয়াল – প্ৰতিশ্ৰুতিবদ্ধ থাকিলে আজি সেয়া পালন কৰিব লাগিব, ইয়াৰ ফলত আনন্দ ত্যাগ কৰিব লাগিব পাৰে, ভৱিষ্যতে উপকাৰ হ’ব।

Post a Comment

Previous Post Next Post