ডিব্ৰুগড়ত উৎকোচ লৈ গ্ৰেপ্তাৰ হোৱা দিতিমণি গগৈৰ ঘৰত উদ্ধাৰ ৯ লাখ টকা


 

ডিব্ৰুগড়ত উৎকোচ লৈ গ্ৰেপ্তাৰ দুজন। গ্ৰেপ্তাৰ কনিষ্ঠ সহায়ক দিতিমণি গগৈ আৰু গ্ৰেপ্তাৰ দালাল পংকজ শইকীয়া। জিলা পৰিবহণ বিভাগৰ কাৰ্যালয়ৰ পৰা গ্ৰেপ্তাৰ দুয়োকে। উৎকোচ লৈ থকাৰ সময়ত হাতে–লোটে গ্ৰেপ্তাৰ কৰে দুৰ্নীতি নিবাৰক শাখাই।


ইফালে, ডিব্ৰুগড়ৰ জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ত উৎকোচ লৈ গ্ৰেপ্তাৰ হোৱা কনিষ্ঠ সহায়ক দিতিমণি গগৈৰ ফ্লেটত নিশা আৰক্ষীয়ে চলায় তালাচী। পৰিবহণ বিভাগৰ কাৰ্যালয়ৰ পৰা উদয়পুৰ ফ্লেটলৈ আনি আৰক্ষীয়ে চলায় তালাচী। আৰক্ষীৰ তালাচীত বহু পৰিমাণৰ ধন জব্দ হয়। তদন্তকাৰী দলে দিতিমণি গগৈৰ বাসগৃহত তালাচী চলাই মুঠ ৯ লাখ ৩০ হাজাৰ টকা জব্দ কৰে। আনহাতে পংকজ শইকীয়াৰ টেঙাখাতৰ বাসগৃহৰ পৰা বহু পৰিমাণৰ ড্ৰাইভিং লাইচেঞ্চ জব্দ কৰে অভিযানকাৰী দলে।

Post a Comment

Previous Post Next Post