পুনৰ হ্ৰাস পালে ভাৰতীয় টকাৰ মূল্য আৰু এইবাৰ ই এক নতুন ৰেকৰ্ড স্পৰ্শ কৰিছে। আমেৰিকাৰৰ ডলাৰৰ তুলনাত টকাৰ মূল্য ৮৩.০৮ লৈ হ্ৰাস পাইছে। এইয়া হৈছে বৰ্তমানলৈ টকাৰ মূল্য হ্ৰাস হোৱা আটাইতকৈ নিম্নতম স্তৰ। ব্লুমবাৰ্গৰ এক প্ৰতিবেদন অনুসৰি টকাৰ মূল্য ৮৩.০৯২৫ ত আৰম্ভ হৈ ৮৩.১২১২ৰ নিম্ন স্তৰৰ এক নতুন ৰেকৰ্ড গঢ়িছে। বুধবাৰেও টকাৰ মূল্য ডলাৰৰ বিপৰীতে ৮২ টকা ৯৫ পইচাৰ নতুন অভিলেখ নিম্ন স্তৰত উপনীত হৈছেহি।
ইয়াৰ পূৰ্বে, ১৬ অক্টোবৰত কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে কৈছিল যে টকাই মূল্য অন্যান্য উদীয়মান বজাৰ মুদ্ৰাবোৰৰ তুলনাত যথেষ্ট ভাল প্ৰদৰ্শন কৰিছে। মন্ত্ৰীগৰাকীৰ এই মন্তব্য টকাৰ সৰ্বকালৰ সৰ্বনিম্ন ৮২.৬৯ লৈ হ্ৰাস হোৱাৰ কেইদিনমান পিছত আহিছিল।
ভাৰতীয় মুদ্ৰাৰ হ্ৰাসৰ বিষয়ে উল্লেখ কৰি সীতাৰমণে কৈছিল যে ইয়াৰ কাৰণ হৈছে ডলাৰ শক্তিশালী হোৱা। তেওঁ লগতে কৈছিল যে টকা দুৰ্বল হোৱা নাই।
আমেৰিকা ভ্ৰমণৰ সময়ত এক সংবাদমেলত বিত্ত মন্ত্ৰীগৰাকীয়ে কয়, তেওঁ ইয়াক টকাৰ হ্ৰাস হিচাপে নহয়, কিন্তু ডলাৰৰ নিৰন্তৰ শক্তিশালীকৰণ হিচাপে চাব।
সীতাৰমণে কয় যে ভাৰতীয় ৰিজাৰ্ভ বেংকে (আৰবিআই) ভাৰতীয় মুদ্ৰাৰ মূল্য নিৰ্ধাৰণ ৰখাৰ বাবে অত্যাধিক অস্থিৰতা আৰু বজাৰৰ হস্তক্ষেপ নিশ্চিত কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে।