স্বামীহাৰা এগৰাকী মহিলাক এখন সমাজে কেনেদৰে সহযোগিতাৰে আগুৱাই নিব লাগে, তাৰ এক সুন্দৰ নিৰ্দশন দাঙি ধৰিলে কলিয়াবৰৰ এখন গাঁৱৰ মহিলাসকলে। প্ৰচলিত বিধৱাসকলৰ বগা সাজৰ পৰিৱৰ্তে সম্পূৰ্ণ নীতি-নিয়মেৰে প্ৰয়াত স্বামীৰ শ্ৰাদ্ধৰ দ্বাদশ দিনা ৰঙীন সাজ পৰিধান কৰাই দীপামণি বৰা ভূঞা নামৰ মহিলাগৰাকীক।
প্ৰচলিত সমাজ ব্যৱস্থাৰ সোঁতৰ বিপৰীতে সংস্কাৰমুখী চিন্তাৰে কলিয়াবৰৰ এই গাঁওখনৰ মহিলা সমাজে দাঙি ধৰিলে মানৱতা-প্ৰগতিশীল নিদৰ্শন। এগৰাকী বিধৱা মহিলাক সমাজৰ প্ৰচলিত বৈধব্যৰ যন্ত্ৰণাৰ পৰা আঁতৰাই ৰখাৰ বাবে মহিলাগৰাকীক কলিয়াবৰৰ মাজ-পূৱথৰীয়া গাঁৱৰ মহিলা সমাজে দেখুৱালে সংস্কাৰমুখী চিন্তাৰ উন্মেষ।
দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ মৃত্যু হৈছিল তেওঁৰ স্বামী। পুত্ৰৰ সৈতে দ্বীপামণি বৰা ভূঞাই কলিয়াবৰৰ বাসগৃহত সম্পন্ন কৰিছিল স্বামীৰ আদ্য শ্ৰাদ্ধ। শ্ৰাদ্ধৰ দ্বাদশ দিনটোত বিধৱা দ্বীপামণি বৰা ভূঞাক সাজ-পোছাক, আ-অলংকাৰ পৰিধানৰ পূৰ্ণ স্বাধীনতা দিলে কলিয়াবৰৰ মাজ-পূৱথৰীয়া গাঁৱৰ মধুসদন শাখাই।
স্বামীহাৰা মহিলা দ্বীপামণি বৰা ভূঞাক সাহস-সহযোগিতাৰ বাবে আগবাঢ়ি আহিল মাজ-পূৱথৰীয়া গাঁৱৰ মহিলাসকল আৰু দেখুৱালে এক সুন্দৰ নিৰ্দশন। সংকীৰ্ণতাৰ বিপৰীতে মাজ-পূৱথৰীয়া গাঁৱৰ মহিলাসমাজে দিলে বহল মনৰ, সমাজ ব্যৱস্থাৰ পৰিচয়, গালে মানৱতাৰ জয়গান।
কৰ্মসূত্ৰে গুৱাহাটীত বাস কৰা কলিয়াবৰৰ মাজ-পূৱথৰীয়া গাঁৱৰ দীপামণি বৰা ভূঞা এগৰাকী লেখিকা, চিত্ৰনাট্যকাৰ, সাংস্কৃতিক কৰ্মী। ইতিমধ্যে তেওঁৰ পৰিচালনা, প্ৰযোজনা আৰু চিত্ৰনাট্যত গুৱাহাটী দূৰদৰ্শন আৰু দিল্লীৰ কৃষাণ চেনেলত কেইবাখনো ধাৰাবাহিক, তথ্য চিত্ৰ, চুটি ছবি সম্প্ৰচাৰ হৈছে। বৰ্তমানো বিধৱাসকলক কেন্দ্ৰ কৰি এখন চলচ্চিত্ৰ নিৰ্মাণ কৰি আছে দ্বীপামণি বৰা ভূঞাই।

Tags:
National