অসম-বংগ সীমান্তৱৰ্তী গোসাঁইগাঁৱৰ তেলিপাৰাত নিৰ্মাণ প্ৰায় সম্পূৰ্ণ হোৱাৰ দিশত আন এখন টোলগেটৰ। উল্লেখ্য যে, পশ্চিম বংগৰ কামাখ্যাগুৰীত আছে আন এখন টোলগেট। কিন্তু আশ্চৰ্যৰ কথা যে কামাখ্যাগুৰীৰ পৰা গোসাঁইগাঁৱৰ তেলিপাৰা দূৰত্ব মাথো ২৭ কিলোমিটাৰ হোৱাৰ বিপৰীতে তেলিপাৰাৰ পৰা ৩৭ কিলোমিটাৰ দূৰত্বত থকা কোকৰাঝাৰৰ পাটগাঁৱত আছে আন এখন টোলগেট। কেন্দ্ৰীয় গড়কাপ্তানী মন্ত্ৰীয়ে মন্তব্য কৰিছিল ৰাষ্ট্ৰীয় ঘাইপথত ৬০ কিলোমিটাৰ দূৰত্বত নিৰ্মাণ কৰা হ'ব প্ৰতিটো টোলগেট। তেনেহ'লে ভাৰতীয় ৰাষ্ট্ৰীয় ঘাইপথ পাধিকৰণে নীতিবহিৰ্ভূতভাৱে টোলগেট তেলিপাৰাত নিৰ্মাণ কৰিছে নেকি বুলি সচেতন ব্যক্তি তথা দল সংগঠনৰ নেতা-কৰ্মীসকলৰ মনত প্ৰশ্নৰ সৃষ্টি হৈছে।
আনহাতে, বৰ্তমানেও সম্পূৰ্ণ হোৱা নাই ৰাষ্ট্ৰীয় ঘাইপথৰ নিৰ্মাণ কাম। অসম-বংগ সীমান্ত শিমুলটাপুৰ পৰা কচুগাঁও লৈ ৩০ কিলোমিটাৰ ৰাষ্ট্ৰীয় ঘাইপথৰ নিৰ্মাণ কাম অৰ্ধনিৰ্মিত হৈ আছে। ইফালে এতিয়াও অৰ্ধনিৰ্মিত অৱস্থাত এক ডজন দলং। ওৱান ৱে' পথেৰে চলাচল কৰিব লগা হৈছে ৰাষ্ট্ৰীয় ঘাইপথৰ সহস্ৰাধিক যান-বাহন। যাৰ ফলত প্ৰতিদিনে পথ দুৰ্ঘটনা সংঘটিত হৈ প্ৰাণ হেৰুৱাৰ লগতে আঘাতপ্ৰাপ্ত হৈছে বহু যান- বাহনৰ আৰোহী তথা পথচাৰী। এইক্ষেত্ৰত কৰ্তৃপক্ষই নিৰ্বিকাৰ ভূমিকা পালন কৰাৰো অভিযোগ উত্থাপন হৈছে।
