নাৰেংগীস্থিত বিদ্যামন্দিৰ ইংৰাজী বিদ্যালয়ত তৃতীয় শ্ৰেণীৰ ছাত্ৰীৰ কৰুণ মৃত্যু



 মহানগৰীৰ নাৰেংগীস্থিত বিদ্যামন্দিৰ ইংৰাজী বিদ্যালয়ত তৃতীয় শ্ৰেণীৰ ছাত্ৰীৰ কৰুণ মৃত্যু। জানিব পৰা মতে, বিদ্যালয়ৰ প্রাতঃসভাৰ পিছতে শ্ৰেণীত ঢলি পৰিছিল কণমানি ছাত্ৰীজনী।


অভিভাৱকে স্কুলত থৈ যোৱাৰ ১৫ মিনিট পিছতে ঘটা এই ঘটনাত লগে লগে স্কুল কৰ্তৃপক্ষই ওচৰৰে এখন নাৰ্ছিং হোমত ভৰ্তি কৰা। আই চি ইউৰ ব্যৱস্থা নথকাত ছিৰিয়াছ অৱস্থাত থকা ছাত্ৰীগৰাকীক স্কুল কৰ্তৃপক্ষই প্ৰতীক্ষা হাস্পতালত ভৰ্তি কৰায়। কিন্তু হাস্পতালত মৃত ঘোষণা কৰে চিকিৎসকে।

মৃত ছাত্ৰীগৰাকী ৮ বছৰীয়া তৃষা কলিতা। মহানগৰীৰ গীতামন্দিৰ নিৱাসী ছাত্ৰীগৰাকীৰ মৃত্যুত পৰিয়াল তথা বিদ্যালয়ত শোকাকুল পৰিৱেশৰ সৃষ্টি হয়। এতিয়ালৈ কি কাৰণত ছাত্ৰীগৰাকীৰ মৃত্য হ'ল তাক ভালদৰে জানিব পৰা হোৱা নাই।

Post a Comment

Previous Post Next Post