মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত আজি জনতা ভৱনত অনুষ্ঠিত হয় কেবিনেট বৈঠক। কেবিনেটত বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। কেবিনেট বৈঠকৰ অন্তত ইয়াৰ সিদ্ধান্তৰ বিষয়ে পৰ্যটন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা আৰু শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে সংবাদমেলত অৱগত কৰে।
কেবিনেটৰ সিদ্ধান্ত–
(১) প্ৰজ্ঞা ভাৰতী আঁচনিৰ অধীনত শিক্ষা বিভাগে ২৯,৭৪৮গৰাকী ছাত্ৰী আৰু ৬০৫২গৰাকী ছাত্ৰৰ মাজত ৩৫,৮০০খন স্কুটী বিতৰণ কৰিব। কামৰূপ মেট্ৰ'ত ৩০ নৱেম্বৰত স্কুটী বিতৰণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হ'ব।
(২) ভৈয়ামত বাস কৰিলেও কাৰ্বিসকলক অনুসূচিত জনজাতিৰ প্ৰমাণ–পত্ৰ প্ৰদান কৰা হ'ব। মিছন ভূমিপুত্ৰৰ অধীনত জনজাতিৰ প্ৰমাণ–পত্ৰ লাভ কৰিব পাৰিব।
(৩) ১৩৫ গৰাকী ফিক্স পে'ত কৰ্মৰত সহকাৰী অধ্যাপকৰ মাহিলি দৰমহা ৮ হাজাৰৰ পৰা ৫৫ হাজাৰলৈ বৃদ্ধি।
(৪) পৰ্যটনৰ ক্ষেত্ৰত কাজিৰঙাত হায়াট গ্ৰুপ অৱ হোটেলছৰ দ্বাৰা পঞ্চতাৰকা হোটেল নিৰ্মাণ কৰা হ'ব।
(৫) ২৮, ২৯ আৰু ৩০ অক্টোবৰত মাইক্ৰ' ফাইনেন্সৰ ঋণৰ দ্বিতীয় কেটেগৰীৰ চেক প্ৰদান কৰা হ'ব।উল্লেখ্য, নৱেম্বৰ মাহৰ কেবিনেট ১১ নৱেম্বৰত শিলচৰত অনুষ্ঠিত হ'ব। লগতে এইবাৰ লাচিত দিৱস দিল্লীত অনুষ্ঠিত কৰা হ'ব।