ভুৱা কম্পিউটাৰ প্ৰমাণপত্ৰৰে অসম আৰক্ষীত নিযুক্তি, আটক মুস্তাফিজুৰ ৰহমান নামৰ এজনক



 ধিঙত ভুৱা প্ৰমাণ পত্ৰৰে অসম আৰক্ষীত নিযুক্তিৰ চেষ্টা চলোৱা মুস্তাফিজুৰ ৰহমান নামৰ এজনক আটক। আৰক্ষীৰ নিযুক্তি প্ৰক্ৰিয়াত কম্পিউটাৰ ডিপ্লমাৰ ভুৱা প্ৰমাণ পত্ৰৰে মকৰলৰ চেষ্টা চলাইছিল ধৃত মুস্তাফিজুৰ ৰহমান ওৰফে বাবলুৱে।


ধিঙৰ সোণাৰি গাঁৱৰ নিজা বাসগৃহৰ পৰা আটক কৰে মুস্তাফিজুৰক। সম্প্ৰতি ধিং আৰক্ষীৰ জিম্মাত আছে মুস্তাফিজুৰ ৰহমান৷ এই ঘটনাক কেন্দ্ৰ কৰি বৰ্তমানে সমগ্ৰ অঞ্চলটোতে তীব্ৰ চাঞ্চল্য অব্যাহত আছে৷এই সন্দৰ্ভত কনিষ্টবল নিযুক্তি দুৰ্নীতিত জড়িত নহয় বুলি উল্লেখ কৰি ধিং মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ড° শৰৎ কুমাৰ দত্তই কয় যে তেওঁ  CIDৰ তদন্তত সম্পূৰ্ণৰূপে সহযোগ কৰি আছে। দুষ্টচক্ৰই তেওঁৰ চহী জাল কৰি চাৰ্টিফিকেট উলিয়াইছিল। ধিং মহাবিদ্যালয়ৰ এগৰাকী ছাত্ৰও জড়িত আছে এই ঘটনাত। CIDয়ে দুবাৰকৈ তেওঁৰ সাক্ষ্য গ্ৰহণ কৰিছে। তেওঁৰ চহীও পৰীক্ষা কৰিছে।

উল্লেখ্য, ধিং কলেজৰ PGDCA প্ৰমাণপত্ৰ জালিয়াতি কৰিছিল দুষ্টচক্ৰই।  ২০, ২৭ ফেব্ৰুৱাৰী আৰু ২৪ এপ্ৰিলত অনুষ্ঠিত আৰক্ষীৰ নিযুক্তি পৰীক্ষাত  ভুৱা কম্পিউটাৰ প্ৰমাণপত্ৰ জালিয়াতি হোৱাৰ অভিযোগৰ তীব্ৰ তদন্ত কৰি আছে আৰক্ষীয়ে।

Post a Comment

Previous Post Next Post