গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনত বেমেজালি। সাংস্কৃতিক সম্পাদক আৰু ছাত্র জিৰণি কোঠা সম্পাদকৰ পদৰ নিৰ্বাচনত স্থগিতাদেশ আদালতৰ। ১৯ অক্টোবৰত বিশ্ববিদ্যালয়ৰ নিৰ্বাচন অনুষ্ঠিত হোৱাৰ দিন। কিন্তু বৰ্তমান এই দুটা পদত নিৰ্বাচন অনুষ্ঠিত নহয়।
নিয়মমতে শ্ৰেণীকোঠাত ৭৫% উপস্থিতি নাথাকিলে অৱৰ্তীণ হ’ব নোৱাৰে নিৰ্বাচনত। কিন্তু দুয়োটা পদতে নিৰ্বাচন খেলা দুগৰাকী প্ৰাৰ্থীৰ উপস্থিতি ৭৫%তকৈ কম থকাৰ গুৰুত্বৰ অভিযোগ। এই অভিযোগৰ ভিত্তিতেই উক্ত পদ দুটাত নিৰ্বাচন অনুষ্ঠিত কৰাত স্থগিতাদেশ জাৰি কৰা হৈছে।
