নলবাৰীত গ্ৰেপ্তাৰ আৰু এগৰাকী জেহাদী জিলাখনত দুদিনত গ্ৰেপ্তাৰ ৩ জেহাদী



 পুনৰ নলবাৰীত গ্ৰেপ্তাৰ এগৰাকী জেহাদী৷ নলবাৰী আল্লিয়াৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে জেহাদীটোক৷ ধৃত জেহাদীজনৰ নাম জুৱাইৰ হুছেইন(২৪)৷


সম্প্ৰতি ঘগ্ৰাপাৰৰ আৰক্ষী থানাত জেৰা অব্যাহত ৰাখিছে ধৃত জেহাদীগৰাকীক৷ উল্লেখ্য যে সোমবাৰে দুগৰাকী জেহাদীক উক্ত স্থানৰ পৰাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল।

নলবাৰীত কালি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল দুই জেহাদী ক্ৰমে হাবেল আলী আৰু আবু ৰাইহানক।

আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি,  জেহাদীকেইজনে ঘগ্ৰাপাৰ অঞ্চলত চলাইছিল জেহাদীৰ কাৰ্যকলাপ।

Post a Comment

Previous Post Next Post