তেজস্বিতাৰ মৃত্যুৰ তদন্তৰ ৰাজহুৱা সাক্ষী গ্ৰহণ প্ৰক্ৰিয়া সমাপ্ত । এজন ব্যক্তিও উপস্থিত নহ'ল সাক্ষী প্ৰদান কৰিবলৈ।
তেজস্বিতাৰ মৃত্যুৰ তদন্তত সহায় হোৱাকৈ ৰাজহুৱা সাক্ষী গ্ৰহনৰ আহ্বান কৰিছিল অতিৰিক্ত উপায়ুক্ত সঞ্জীব কুমাৰ ফুকনে । ১০ অক্টোবৰৰ পৰা ১২ অক্টোবৰলৈ কাৰ্যালয় খোলা অৱস্থাত দিনৰ ১২ বজাৰ পৰা তিনি বজালৈ তেজস্বিতাৰ মৃত্যুৰ ঘটনাৰ সাক্ষী প্ৰদানৰ বাবে আহ্বান জনাইছিল ।
মাজুলী কমলাবাৰীৰ জনপ্ৰিয় শিশুশিল্পী তেজস্বিতা বৰুৱা গুৰু জয়ন্তীৰ দিনা বৰগীত পৰিৱেশন কৰিবলৈ আহি হঠাতে অসুস্থ হৈ পৰিছিল। তেজস্বিতাক হাস্পতাললৈ নিয়া হয় যদিও তেওঁৰ প্ৰাণ ৰক্ষা নহ'ল।
উল্লেখ্য, মহাপুৰুষ শংকৰদেৱৰ আৱিৰ্ভাৱ তিথি উপলক্ষে শিশুশিল্পী তেজস্বিতাৰ নিজ গাঁৱৰ নামঘৰত শিশুশিল্পীসকলৰ সাংস্কৃতিক অনুষ্ঠানত বৰগীত পৰিৱেশন কৰিবলৈ আহি হঠাতে অসুস্থ হৈ পৰে। তেওঁক ততাতৈয়াকৈ গড়মূৰ অসামৰিক চিকিৎসালয়লৈ নিয়া হৈছিল।