যদি আপুনি আধাৰ কাৰ্ড পোৱাৰ ১০ বছৰতকৈও অধিক হ’ল, তেন্তে আপডেট কৰাটো অতি প্ৰয়োজনীয়



 ভাৰতত আধাৰ কাৰ্ড এক অতি গুৰুত্বপূৰ্ণ নথিত পৰিণত হৈছে। আজিকালি কোনো চৰকাৰী আঁচনিৰ সুবিধাই লওক বা কোনো ঠাই ভ্ৰমণ কৰক, আধাৰ কাৰ্ড গুৰুত্বপূৰ্ণ নথি হৈ পৰিছে। আধাৰ কাৰ্ড অবিহনে কোনো গুৰুত্বপূৰ্ণ কাম কৰাটো অতি কঠিন। কিন্তু আধাৰ কাৰ্ডক লৈ আছে এটা গুৰুত্বপূৰ্ণ কথা। ২০০৯ চনৰ ২৮ জানুৱাৰীত ভাৰতত প্ৰথম আধাৰ কাৰ্ড আঁচনি আৰম্ভ কৰা হৈছিল। এনে অৱস্থাত যদি আপুনি আধাৰ কাৰ্ড পোৱাৰ ১০ বছৰতকৈও অধিক হ’ল, তেন্তে আপডেট কৰাটো অতি প্ৰয়োজনীয়।


১০ বছৰ পুৰণি আধাৰ আপডেট কৰিব লাগিব
এই সন্দৰ্ভত তথ্য দি আধাৰ প্ৰদানকাৰী সংস্থা ইউনিক আইডেন্টিফিকেচন অথৰিটি অৱ ইণ্ডিয়া (UIDAI)য়ে কৈছে যে যোৱা ১০ বছৰত আধাৰ কাৰ্ড এক অত্যাৱশ্যকীয় আইডি প্ৰমাণ হিচাপে আত্মপ্ৰকাশ কৰিছে। সেয়ে সময়ে সময়ে আপডেট কৰিব লাগিব। এই সন্দৰ্ভত তথ্য দি UIDAI-এ কয় যে আধাৰ আপডেট কৰাটো ‘বাধ্যতামূলক’ কৰা হোৱা নাই, কিন্তু যদি আপোনাৰ আধাৰ সৃষ্টি হোৱাৰ ১০ বছৰতকৈও অধিক হ’ল, তেন্তে UIDAI–এ আপোনাক আধাৰ আপডেট কৰিবলৈ ‘অনুৰোধ’ কৰিব। নাগৰিকসকলে সেই অনুসৰি আধাৰ আপডেট কৰিব পাৰে মাই আধাৰ পৰ্টেল বা আধাৰ চেণ্টাৰলৈ গৈ। অৱশ্যে যদি আপুনি আধাৰত ঠিকনাটো আপডেট কৰিব বিচাৰে, তেন্তে ইয়াৰ বাবে আপুনি সুকীয়াকৈ মাচুল দিব লাগিব।

আধাৰ কেন্দ্ৰত কৰা আধাৰ আপডেট কৰক
অনলাইন মাধ্যমৰ উপৰি ওচৰৰ আধাৰ কেন্দ্ৰলৈ গৈ আধাৰ আপডেট কৰিব পাৰিব। ইয়াৰ বাবে আপুনি এপইণ্টমেণ্ট বুকিং কৰিব পাৰে। যদি আপুনি আধাৰ কেন্দ্ৰৰ বাবে এপইণ্টমেণ্ট বুকিং কৰিব বিচাৰে, তেন্তে UIDAI ৰ অফিচিয়েল ৱেবচাইট চাওক। ইয়াত Book Apointment বিকল্পত ক্লিক কৰি, আপোনাৰ কেন্দ্ৰৰ নাম, পিন ক'ড দি আপোনাৰ ওচৰৰ নামভৰ্তি কেন্দ্ৰ নিৰ্বাচন কৰক। ইয়াৰ পিছত আধাৰ কেন্দ্ৰৰ ফলাফল আপোনাৰ সন্মুখত প্ৰদৰ্শিত হ’ব। এতিয়া ইচ্ছা কৰিলে প্ৰয়োজন অনুসৰি সময় বাছি লওক আৰু এপইণ্টমেণ্ট লওক। এপইণ্টমেণ্ট লওঁতে আপুনি এপইণ্টমেণ্ট নম্বৰ পাব। এই নম্বৰটো আধাৰ কেন্দ্ৰক দিয়ক আৰু আপোনাৰ আধাৰ সম্পৰ্কীয় আপডেট প্ৰক্ৰিয়া সম্পূৰ্ণ হ’ব।

Post a Comment

Previous Post Next Post