গুৱাহাটীৰ ৰাজীৱ ভৱন হ'বগৈ বিজনেছ কমপ্লেক্স


 

গুৱাহাটীৰ ৰাজীৱ ভৱন হ'বগৈ বিজনেছ কমপ্লেক্স। সমগ্ৰ ভাৰতবৰ্ষৰ বিভিন্ন স্থানত থকা কংগ্ৰেছৰ সম্পত্তি আটকধুনীয়াকৈ নতুনকৈ নিৰ্মাণ হ'ব৷ নিখিল ভাৰত কংগ্ৰেছ কমিটিয়ে গ্ৰহণ কৰিছে এই সিদ্ধান্ত ৷


ৰাজীৱ ভৱনৰ লগতে গুৱাহাটীৰ মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্সটোতো এটা মাল্টি স্তোৰ বিল্ডিং বনোৱাৰ সিদ্ধান্ত লোৱা হৈছে। দল চলোৱাৰ বাবে প্ৰয়োজনীয় পুঁজিৰ অভাৱ পূৰণ হ'ব এই পদক্ষেপৰ যোগেদি।
ৰাজীৱ ভৱনক বাণিজ্যিক ক্ষেত্ৰলৈ ৰূপান্তৰিত কৰাৰ বাবে গঠিত হোৱা সমিতিৰ সভাপতিৰ দায়িত্বত থাকিব বিৰোধী দলপতি দেৱব্ৰত শইকীয়া৷ সমগ্ৰ ভাৰতবৰ্ষৰ বিভিন্ন স্থানত থকা কংগ্ৰেছৰ সম্পত্তি আটকধুনীয়াকৈ নতুনকৈ নিৰ্মাণ হ'ব বুলি জানিবলৈ দিয়ে শইকীয়াই৷  এই সিদ্ধান্ত নিখিল ভাৰত কংগ্ৰেছ কমিটিয়ে গ্ৰহণ কৰিছে।

Post a Comment

Previous Post Next Post