ৰাষ্ট্ৰপতিৰ ভ্ৰমণসূচীক লৈ মহানগৰীত বানিজ্যিক বাহনৰ ক্ষেত্ৰত পথ নিৰ্দেশনা

 


১৩ অক্টোবৰত দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব ৰাষ্ট্ৰপতি দ্রৌপদী মুর্মু। ১৩,১৪ অক্টোবৰত গুৱাহাটীত ৰাষ্ট্ৰপতিগৰাকীয়ে অংশগ্ৰহণ কৰিব কেইবাটাও বিশেষ কাৰ্যসূচীত।


ৰাষ্ট্ৰপতি গৰাকীৰ আগমণ সন্দৰ্ভত মহানগৰীৰ যানবাহন আৰক্ষীৰ সামগ্ৰী কঢ়িওৱা বাহনৰ ক্ষেত্ৰত পথ নিৰ্দেশনা। ১৩ অক্টোবৰত ৬ চকীয়া বা তাতকৈ ওপৰৰ সামগ্ৰী কঢ়িওৱা বাণিজ্যিক বাহন সমূহ ২৭ আৰু ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে চলাচল বন্ধ থাকিব পুৱা ৮ বজাৰ পৰা নিশা ১০ বাজি ৩০ মিনিটলৈ।
১৪ অক্টোবৰতো পুৱা ৮ বজাৰ পৰা নিশা ৯ বজালৈ বন্ধ থাকিব একেই বাহনৰ চলাচল। আনহাতে ১৪ অক্টোবৰত পুৱা ৮ বজাৰ পৰা ১২ বাজি ৩০ মিনিটলৈ DG ROAD, AT ROAD, MG ROAD,KLB ROAD, TAIBULLAH ROAD, GNB ROAD, B.BARUAH ROAD, GS ROAD আৰু PUNJABARI ROAD ত বন্ধ থাকিব সকলো ধৰণৰ বাণিজ্যিক সামগ্ৰী কঢ়িওৱা বাহনৰ চলাচল।

Post a Comment

Previous Post Next Post