এজন মানৱদৰদী লোক, দুখীয়াক সহায় কৰাৰ বাবে সাজি উলিয়ালে মটৰ চাইকেল এম্বুলেঞ্চ



 এজন মানৱদৰদী লোক। নাম তেওঁৰ গজেন চন্দ্ৰ কলিতা। ঘৰ দক্ষিণ কামৰূপৰ ধাৰাপুৰৰ ধোপৰতলত। গজেন কলিতাৰ এক চমৎকাৰী উদ্ভাৱন। লোকজনে সাজি উলিয়াইছে এখন মটৰ চাইকেল এম্বুলেন্স। নিজৰ মটৰ ছাইকেলখনৰ লগত ট্ৰলী সংযোগ কৰি মিনি এম্বুলেন্স সাজিছে লোকজনে।


চুবুৰীয়াৰ সহায় হোৱাকৈ বিনামূলীয়াকৈ হাস্পতাললৈ ৰোগী কঢ়িয়াই নিয়ে এইজন গজেন কলিতাই। পেছাত অসম চৰকাৰৰ এটা বিভাগৰ কৰ্মচাৰী তেওঁ। লোকজনৰ এই প্ৰচেষ্টা এতিয়া সৰ্বত্ৰে চৰ্চা।

গজেনে এই বাইক এম্বুলেন্সখনৰ অনুমতি বিচাৰি প্ৰধানমন্ত্ৰীলৈ প্ৰেৰণ কৰিছিল এখন পত্ৰও। তাৰ পাছত মাত্ৰ দুই দিনৰ ভিতৰত প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ পৰা এই পত্ৰৰ আহিছে উত্তৰ। বিষয়টো অসম চৰকাৰক গুৰুত্ব দিবলৈ নিৰ্দেশ প্ৰদান কৰিছে প্ৰধানমন্ত্ৰী কাৰ্যালয়ে। এনেদৰে এতিয়া গজেন চন্দ্ৰ কলিতাৰ এই মিনি এম্বুলেঞ্চে ব্যাপক সমাদৰ লাভ কৰিছে।

Post a Comment

Previous Post Next Post