যোৰহাটৰ এখন পথাৰৰ মাজত থকা বাট-পথহীন এটি জৰাজীৰ্ণ ঘৰত দিন পাৰ কৰিছে পাচটি কণকণ শিশুৱে । পিতৃৰ মৃত্যু হোৱাৰ পিছত মাতৃয়েও ঘৰ এৰি গুচি যোৱাত অতিকৈ অসহায় হৈ পৰিছে শিশুকেইটি । বৰ্তমান ১৫ বছৰীয়া বায়েকে কণমানি ভ্ৰাতৃ -ভগ্নীকেইটিৰ দায়িত্ব লবলৈ গৈ থমকি ৰব লগা হৈছে । কণমানি কেইটিক প্ৰয়োজন কিছু সহায়ৰ ।
শিশুকেইটিয়ে বসবাস কৰি থকাৰ দৃশ্য আপুনি নিজে প্ৰত্যক্ষ নকৰিলে বুজিব নোৱাৰিব যে জীৱন কিমান সংঘাটপূৰ্ণ ! এখন পথাৰৰ মাজত থকা বাট-পথহীন উৰুখা পজাত জীৱন যুজত ব্ৰতী হ'বলৈ গৈ অতিকৈ অসহায় হৈ পৰিছে কণকণ পাঁচটি শিশু । মালৌ আলিৰ সমীপৰ মনাইমাজি গাঁৱৰ এখন পথাৰৰ মাজতে আজে এই উৰুখা পজাটো । সৰু জৰাজীৰ্ণ ঘৰটোলৈ যাবলৈ নাই কোনো পথ । এই ঘৰটোতে আছে জ্ঞানশ্ৰী , মিনাক্ষী , গীতাশ্ৰী , জোনালী আৰু হিমান্ত নামৰ পাচটি কণ কণ শিশু । পিতৃহীন শিশুকেইটিৰ মাতৃও কিছুদিন পূৰ্বে ঘৰ এৰি গুচি যোৱাত বৰ্তমান অতিকে অসহায় হৈ পৰিছে শিশুকেইটি । বসবাস কৰিব পৰাকৈ ঘৰটোত কোনো সুবিধাই নাই । অতি লেতেৰা পৰিৱেশৰ মাজত জ্ঞানশ্ৰী নামৰ দশম শ্ৰেণীত পঢ়ি থকা কণমনি কিশোৰীজনীয়ে ৰন্ধা বঢ়া কৰি আহিছে । ঘৰটোত নাই লেট্ৰিন-বাথৰূমৰ সু-ব্যৱস্থা । আছে এটা দমকল । পখিলা খেদি ফুৰা বয়সতে জীৱন যুজত অৱতীৰ্ণ হৈ ভাগৰি পৰা কণমানিকেইটালৈ মনাইমাজি গাঁৱৰ জ্ঞানজ্যোতি মহিলা গাওৰক্ষী বাহিনীৰ মহিলাসকল আৰু ওচৰ চুবুৰীয়া একাংশ লোকে বৰ্তমান সহায়ৰ হাত আগবঢ়াই আহিছে।
কিন্তু কিমান দিনলৈ শিশুকেইটি এনেদৰে থাকিব ! চৰকাৰৰ তৰফৰ পৰা এনে শিশুসকললৈ সহায়ৰ হাত আগবঢ়োৱাৰ কোনো উপায় আছেনে ! কণমানিকেইটাৰ সুৰক্ষাক লৈয়ো চিন্তিত হৈ পৰিছে গাঁওবাসী । বৰ্তমান হতাশ , উদাসীন হৈ পৰা কণমানিকেইটাই বিচাৰিছে চৰকাৰৰ পৰা সহায় ।
" আমাৰ থাকিবলৈ বহুত অসুবিধা হৈছে । মোৰ ভাইটি-ভন্টিহতক লৈ এই ঘৰটোত অকলশৰে থাকিবলৈ আমাৰ ভয় লাগে । ওচৰৰে দাদা- বাইদেউসকলে আমাক বহুত সহায় কৰিছে । কিন্তু সদায় এনেদৰে আমাক সহায় কৰি থকাটো সম্ভৱ নহয় । সেয়েহে আমি চৰকাৰক অনুৰোধ জনাইছো । আমাক সহায় কৰক । ", এনেদৰে চৰকাৰলৈ কাতৰ অনুৰোধ জনাইছে কণমানি জ্ঞানশ্ৰীয়ে ।
বসবাসৰ অনুপযোগী এই ঘৰটোত অভিভাৱকহীন কণমানিকেইটা মুঠেই সুৰক্ষিত নহয় । চৰকাৰৰ সংশ্লিষ্ট বিভাগে এই ক্ষেত্ৰত শিশুকেইটিৰ ভৱিষ্যতৰ কথা চিন্তা কৰি শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰাতো অতিকৈ প্ৰয়োজনীয় হৈ পৰিছে ।