কাইলৈ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি নিৰ্বাচন; কি প্ৰক্ৰিয়াৰে অনুষ্ঠিত হ’ব এই নিৰ্বাচন সেইয়া জানো আহক

 


কাইলৈ ১৭ অক্টোবৰ তাৰিখ সোমবাৰে নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ ৰাষ্ট্ৰীয় সভাপতিৰ নিৰ্বাচন অনুষ্ঠিত হ’ব। সুদীৰ্ঘ ২৪ বছৰৰ মূৰত পোন প্ৰথমবাৰৰ বাবে দেশৰ আটাইতকৈ পুৰণি দলটোৱে গান্ধী পৰিয়ালৰ বাহিৰৰ এজন নেতাক সভাপতি হিচাপে নিৰ্বাচিত কৰিব। সেয়েহে এই নিৰ্বাচনক লৈ সমগ্ৰ দেশৰ ৰাজনীতিত ব্যাপক চৰ্চা অব্যাহত আছে। কাৰণ নতুন সভাপতিৰ নেতৃত্বতেই দলটোৱে আগন্তুক ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ ৰণত অৱতীৰ্ণ হ'ব। ইতিমধ্যে অন্তঃকন্দলেৰে জৰ্জৰিত হৈ থকা দলটোৰ সভাপতি নিৰ্বাচনত জ্যেষ্ঠ কংগ্ৰেছী মল্লিকাৰ্জুন খৰ্গে আৰু কেৰেলাৰ সাংসদ তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী শশী থাৰুৰে প্ৰতিদ্বন্দিতা আগবঢ়াইছে।


দলটোৰ সভাপতি নিৰ্বাচনক কেন্দ্ৰ কৰি দেশজুৰি ব্যাপক প্ৰস্তুতি চলা গৈছে। সোমবাৰে পুৱা ১০ বজাৰ পৰা দেশৰ বিভিন্ন ভোটকেন্দ্ৰত ভোটগ্ৰহণ লোৱা য'ত প্ৰদেশ কংগ্ৰেছ কমিটিসমূহৰ ৯ সহস্ৰাধিকৰো অধিক কৰ্মীয়ে এই ভোটদান সাৱ্যস্ত কৰিব।

কংগ্ৰেছৰ নিৰ্বাচনী বিভাগৰ চেয়াৰমেন মধুসূদন মিস্ত্ৰীয়ে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা মতে কাইলৈ পুৱা ১০ বজাৰ পৰা আবেলি ৪ বজালৈকে ভোটগ্ৰহণ লোৱা হ’ব। ভোটদাতাসকলে তেওঁলোকৰ মন পছন্দৰ প্ৰাৰ্থীজনক ‘টিক’ চিহ্ন দি ভোটদান কৰিব লাগিব।

উল্লেখ্য যে, ভোটদান সমাপ্ত হোৱাৰ পাছত ১৮ অক্টোবৰ তাৰিখে বেলট বাকচসমূহ দিল্লীস্থিত দলৰ মুখ্য কাৰ্যালয়লৈ নিয়া হ’ব বুলি জানিব পৰা গৈছে। অহা ১৯ অক্টোবৰত এই নিৰ্বাচনৰ ভোটগণনা হ’ব। মন কৰিবলগীয়া যে, সভাপতি নিৰ্বাচনৰ সমগ্ৰ নিৰ্বাচনী প্ৰক্ৰিয়াটো নিকা আৰু মুক্তভাৱে সম্পন্ন হ’ব বুলি মিস্ত্ৰীয়ে আশা প্ৰকাশ কৰিছে।

এইখিনিতে উল্লেখনীয় বিষয় যে, কংগ্ৰেছৰ ভাৰপ্ৰাপ্ত সভানেত্ৰী ছোনিয়া গান্ধী, সহঃ সম্পাদক প্ৰিয়ংকা গান্ধী ভাদ্ৰা আৰু প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙে দিল্লীস্থিত অল ইণ্ডিয়া কংগ্ৰেছ কমিটিৰ মুখ্য কাৰ্যালয়ত ভোটদান কৰিব। আনহাতে, বৰ্তমান ‘ভাৰত জোৰো যাত্ৰা’ত ব্যস্ত থকা ৰাহুল গান্ধীয়ে কাইলৈ যি স্থানত থাকিব তাতেই ভোটদান কৰিব বুলি জানিব পৰা গৈছে।

Post a Comment

Previous Post Next Post