সাহিত্য সভাৰ নিৰ্বাচনক লৈ কুলধৰ শইকীয়াৰ সংবাদমেল, আজিৰে পৰা বলৱৎ হ'ব নিৰ্বাচনী আচৰণবিধি


 

অসম সাহিত্য সভাৰ সভাপতি কুলধৰ শইকীয়াৰ সংবাদমেল। সভাৰ আগন্তুক নিৰ্বাচন সন্দৰ্ভত অসম সাহিত্য সভাৰ গুৱাহাটীস্থিত কাৰ্যালয়ত এই সংবাদমেলৰ আয়োজন কৰা হয়। সংবাদমেলত কুলধৰ শইকীয়াই কয়, আজিৰে পৰা বলৱৎ হ'ব নিৰ্বাচনী আচৰণবিধি। আজিৰে পৰা কোনোধৰণৰ প্ৰচাৰ কাৰ্যসূচী চলাব নোৱাৰিব প্ৰাৰ্থীয়ে।


১ অক্টোবৰৰ পৰা ১৫ অক্টোবৰৰ ভিতৰত খচৰা ভোটাৰ তালিকা প্ৰকাশ আৰু ওজৰ আপত্তি। ১৬ৰ পৰা ১৮ অক্টোবৰৰ ভিতৰত আপত্তি নিষ্পত্তিকৰণ আৰু চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ কৰা হ’ব। ২০ৰ পৰা ২২ অক্টোবৰৰ ভিতৰত মনোনয়ন পত্ৰ সংগ্ৰহ কৰিব লাগিব প্ৰাৰ্থীয়ে। যোৰহাটস্থিত মুখ্য কাৰ্যালয়ৰ পৰা সংগ্ৰহ কৰিব লাগিব মনোনয়ন পত্ৰ। ১০০০ টকাৰ চেক জমা দিব লাগিব মনোনয়ন পত্ৰৰ বাবে।

২৬-২৭ অক্টোবৰত দাখিল কৰিব লাগিব মনোনয়ন পত্ৰ দাখিল। ২৮ অক্টোবৰত প্ৰত্যাহাৰ কৰিব পাৰিব মনোনয়ন পত্ৰ। ২ নৱেম্বৰৰ পৰা ১৩ নৱেম্বৰলৈ হ'ব ভোটদান প্ৰক্ৰিয়া। মেঘদূত ভৱনত পাণবজাৰ আৰক্ষীৰ নিৰাপত্তাত ৰখা হ'ব ভোট বাকচ। নলবাৰীত অনুষ্ঠিত হ'বলগীয়া সপ্তম কাৰ্যনিৰ্বাহকতেই হ'ব ভোট গণনা। বর্তমানলৈ তাৰিখ নিৰ্ধাৰণ কৰা হোৱা নাই।

Post a Comment

Previous Post Next Post