'বাহুবলী' প্ৰভাসে সমাপ্তি ঘটালে ৰাৱণৰ; ছচিয়েল মিডিয়াত ভাইৰেল ভিডিঅ'


 

দক্ষিণ–ভাৰতৰ চলচিত্ৰ জগতৰ চুপাৰষ্টাৰ প্ৰভাস দেশৰ এজন জনপ্ৰিয় তথা প্ৰিয় অভিনেতা হৈ পৰিছে যাক অনুৰাগীসকলে চাবলৈ যিকোনো কৰিব পাৰে। বাহুবলী চলচ্চিত্ৰৰ দ্বাৰা খলকনিৰ সৃষ্টি কৰা দাক্ষিণাত্যৰ চুপাৰষ্টাৰ প্ৰভাসে বুধবাৰে দিল্লীত লালকিল্লা খেলপথাৰত অনুষ্ঠিত হোৱা লুভকুশ ৰামলীলাৰ দশেৰাত ৰাৱণৰ পুত্তলিকা দাহ কৰি ইতিহাস সৃষ্টি কৰিছে। এই ভিডিঅ'টো সামাজিক মাধ্যমত বহুত ভাইৰেল হৈ পৰিছে। এই দৃশ্যটো চাবলৈ ৫ লাখতকৈও অধিক পাছ বিতৰণ কৰা হৈছে। দৰ্শকৰ পৰা যথেষ্ট চাহিদা বাঢ়িছে। সামাজিক মাধ্যমত ভাইৰেল হৈ থকা ভিডিঅ'টোত প্ৰভাসে ধনুৰে ৰাৱণৰ সমাপ্তি কৰা দেখিবলৈ পোৱা গৈছে।ভাইৰেল হোৱা ভিডিঅ'টোত, প্ৰভাসক ধনুকাড়ৰ সৈতে থিয় হৈ থকা দেখা গৈছে। তেওঁ দৰ্শকৰ বৃহৎ চাহিদাৰ ভিত্তিত কাড় চলোৱাও দেখা গৈছে। কাড় নিক্ষেপ কৰাৰ লগে লগে ৰাৱণৰ পুত্তলিকা জ্বলিবলৈ আৰম্ভ কৰে। এই ভিডিঅ'টো সামাজিক মাধ্যমত বহুত ভাইৰেল হৈ পৰিছে। মানুহে এই ভিডিঅ'টো বৰ ভাল পাইছে।

Post a Comment

Previous Post Next Post