মহানগৰীৰ হোটেলত চাঞ্চল্যকৰ ঘটনা, প্ৰেমিকাৰ সৈতে কাজিয়াৰ পিছতে নিজকে শেষ কৰিলে প্ৰেমিকে


 

মহানগৰীৰ হোটেলত চাঞ্চল্যকৰ ঘটনা। বুধবাৰে পুৱতিনিশা প্ৰায় আঢ়ৈ বজাত পল্টন বজাৰৰ বৃন্দাবন হোটেলত সংঘটিত হয় এক ঘটনা। অৰিজিৎ ডেকা নামৰ সৰ্থেবাৰীৰ এজন যুৱকে হোটেলখনৰ ২০২ নম্বৰ কোঠাত চিলিং ফেনত নিজৰ বেল্টেৰে চিপ লৈ আত্মহত্যা কৰে। আত্মহত্যা কৰাৰ সময়ত যুৱকজনৰ লগত আছিল তেওঁৰ প্ৰেমিকা।


আত্মহত্যাৰ পূৰ্বে প্ৰেমিকাৰ সৈতে কাজিয়াত লিপ্ত হৈছিল অৰিজিৎ। সেই কাজিয়াৰ পৰিণতিত আত্মহত্যাৰ দৰে চৰম পথ বাচি লয় অৰিজিতে। অৰিজিতে এই পথ বাচি লোৱাৰ কথা ফোনেৰে তেওঁৰ জ্যেষ্ঠ ভগ্নীক অৱগত কৰে অৰিজিতৰ প্ৰেমিকাগৰাকীয়ে। তাৰ ঠিক এঘণ্টাৰ পাছতে হোটেলখনত উপস্থিত হয় তিনিজন যুৱক। সেই যুৱককেইজনৰ সৈতে প্ৰেমিকাগৰাকীয়ে অৰিজিতক লৈ যায় আৰ্য হাস্পতাললৈ। চিকিৎসকে অৰিজিতক মৃত বুলি ঘোষণা কৰে।

ইফালে, এই ঘটনাক গাপ দিয়াৰ চেষ্টা কৰিছে বৃন্দাবন হোটেল কৰ্তৃপক্ষই। আত্মহত্যা নহয়, অসুস্থতাৰ পৰিপ্ৰেক্ষিতত মুৰ্মূষু অৱস্থাত পৰিয়ালৰ লোকে অৰিজিতক চিকিৎসালয়লৈ নিয়া বুলি দাবী হোটেল কৰ্তৃপক্ষৰ।

হোটেল কৰ্তৃপক্ষৰ মতে যোৱা ১০ অক্টোবৰত প্ৰেমিকাৰ সৈতে অৰিজিতে বুক কৰিছিল হোটেলখনৰ ২০২ নম্বৰ কোঠাটো। প্ৰেমিকাৰ সৈতে ৩ দিন ধৰি হোটেলখনতে আছিল অৰিজিৎ। সম্প্ৰতি পল্টন বজাৰ আৰক্ষীয়ে আৰম্ভ কৰিছে সমগ্ৰ ঘটনাৰ তদন্ত।

Post a Comment

Previous Post Next Post