জ্যোতিপ্ৰসাদ আগৰৱালাৰ নাটক নকল কৰাজনক জাতীয় শত্ৰু হিচাপে মানি লোৱা হ'ব : অখিল গগৈ


 

‘লভিতা’ নাটকৰ বিতৰ্কল লৈ মুখ খুলিলে অখিল গগৈয়ে। অখিল গগৈয়ে কয়, ‘লভিতা’ নাটক আজিৰে পৰাই বন্ধ কৰক আৱাহন থিয়েটাৰে। ‘লভিতা’ নাটক চুৰি কৰিছে অভিজিৎ ভট্টাচাৰ্যই আৰু আৱাহন থিয়েটাৰে। লভিতা হ'ল অসমীয়া জাতিৰ এটা নিৰ্দিষ্ট সময়ৰ নিৰ্দিষ্ট মতাদৰ্শৰ প্ৰতিফলন।


আৱাহন থিয়েটাৰৰ লভিতাক নকল লভিতা আখ্যা অখিল গগৈৰ। ‘লভিতা’ বন্ধ নকৰিলে যিকোনো সময়ত প্ৰতিবাদত বহিব অখিল গগৈ। জ্যোতি প্ৰসাদ আগৰৱালাৰ নাটক নকল কৰাজনক জাতীয় শত্ৰু হিচাপে মানি লোৱা হ'ব বুলি কয় বিধায়কজনে।

উল্লেখযোগ্য কিছুদিন ধৰি ছচিয়েল মিডিয়াত আৱাহন থিয়েটাৰে চলিত বছৰত মঞ্চস্থ কৰা ‘লভিতা’ নাটকখনক লৈ সৃষ্টি হৈছে তীব্ৰ বিতৰ্ক। এই নাটকখনত জ্যোতিপ্ৰসাদ আগৰৱালাৰ ‘লভিতা’ক বিকৃত ৰূপত তুলি ধৰাৰ অভিযোগ উত্থাপিত হৈছে। এই সন্দৰ্ভত ইতিমধ্যে অভিনেত্ৰী প্ৰস্তুতি পৰাশৰ আৰু নাট্যকাৰ অভিজিৎ ভট্টাচাৰ্যই প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া।

Post a Comment

Previous Post Next Post