মৰিয়নিৰ ঐতিহাসিক গাভৰু পাহাৰৰ নামনিৰ তিৰুহিলছ সংৰক্ষিত বনাঞ্চলৰ চটাই পৰ্বতৰ তেলপুঙত শুকুৰবাৰে বিয়লি উদ্ধাৰ হয় প্ৰাচীন কালত যুদ্ধত ব্যৱহৃত এটা হিলৈ।
জানিব পৰা মতে, স্থানীয় চটাই চাহ বাগিচাৰ লাচিত নায়ক, প্ৰকাশ গোৱালা, চিৰচৰ পাহাৰীয়া, ৰবি তাঁতী আৰু বিকাশ দুচাদ নামৰ যুৱক পাঁচজনে পাহৰৰ মাজৰ নদীত মৎস্য চিকাৰ কৰিবলৈ যাওঁতে বনাঞ্চলৰ মাজৰ তেলপুং নামৰ পাহাৰীয়া নদীখনৰ মাজত উদ্ধাৰ কৰে হিলৈটো।নদীখনৰ বালিত সোমাই থকা হিলৈটোৰ পিছৰ অংশ যুৱককেইজনে প্ৰত্যক্ষ কৰি দাঙি দিয়াত হিলৈটো উদ্ধাৰ হয়। আনহাতে নদীখনৰ যি টুকুৰা ঠাইত হিলৈটো উদ্ধাৰ হৈছিল, তাৰ পাহাৰৰ এটা অংশত কেইবাবছৰ পূৰ্বে খহনীয়া হৈছিল। অনুমান কৰা মতে পাহাৰৰ ওপৰৰ অংশত থকা হিলৈটো পাহাৰৰ মাটি খহি হয়তো নদীত পৰি ৰৈছিল।
উল্লেখ্য যে আহোম ৰাজত্বকালত গদাধৰ সিংহই ল'ৰাৰজাৰ নিৰ্যাতনৰ পৰা বাচিবলৈ নগা পাহাৰলৈ চটাই পৰ্বত হৈ পলাই গৈছিল বুলি বুৰঞ্জীত উল্লেখ আছে। ইয়াৰ উপৰি গদাধৰ সিংহক বিচাৰি আহোম সেনাই সেই সময়ত চটাই পৰ্বতৰ ঘন জংঘলত ছাউনি পাতিছিল বুলিও প্ৰবাদ আছে।
আজি উদ্ধাৰ হোৱা হিলৈটো সেই সময়ৰ আহোম সেনাই ব্যৱহাৰ কৰানে পৰৱৰ্তী পৰ্যায়ত কোনোবাই আনিছিল সেই বিষয়ে কোনো তথ্য নাই যদিও ইতিহাসবিদৰ বাবে হিলৈটোৱে নতুন তথ্য উন্মোচন কৰাত সহায় কৰিব।
আনহাতে প্ৰায় ২০ কেজি ওজনৰ হিলৈটোৰ গাৰ মাজ অংশত অস্পষ্ট ৰূপত কেইটামান লিপি পোৱা গৈছে।
ইফালে আহোম ৰাজত্ব কালৰ হিলৈ উদ্ধাৰৰ খবৰ বিয়পি পৰাত হিলৈটো প্ৰত্যক্ষ কৰিবলৈ বহুলোকৰ সমাগম হয়। হিলৈটো উদ্ধাৰ সম্পৰ্কে মৰিয়নি ৰাজহ চক্ৰ বিষয়াক অৱগত কৰাত প্ৰশাসনে হিলৈটো সংৰক্ষণৰ ব্যৱস্থা গ্ৰহণ কৰিছে।
জানিব পৰা মতে আহোম ৰাজত্ব কালত স্থল আৰু জল দুয়োবিধ যুদ্ধতে ব্যৱহৃত কৰা হৈছিল এইবিধ সহজে কঢ়িয়াই লৈ ফুৰিব পৰা হিলৈ। পুৰাতত্ত্ব বিভাগে অনুসন্ধান কৰিলে চটাই পৰ্বতৰ ঘন অৰণ্যত আহোম ৰাজত্ব কালৰ অধিক সমল লাভ কৰিবলৈ সক্ষম হ'ব বুলি আশা কৰিছে স্থানীয় সচেতন লোকসকলে।

Tags:
National