তেজস্বিতাৰ মৃত্যুৰ পাছতে মাজুলীৰ স্বাস্থ্যখণ্ডক লৈ স্বাস্থ্য বিভাগৰ তৎপৰতা


 

প্ৰশ্ন মাজুলীবাসীৰ - উন্নত চিকিৎসা ব্যৱস্থা লাভ কৰিবলৈ আৰু কিমান তেজস্বিতা, মানসক হেৰুৱাব লাগিব ? তেজস্বিতাৰ মৃত্যুৰ পাছতে মাজুলীৰ স্বাস্থ্যখণ্ডক লৈ স্বাস্থ্য বিভাগৰ তৎপৰতা। তেজস্বিতাৰ মৃত্যুৰ তিনিদিনতে তিনিখন ১০৮ এম্বুলেন্স সেৱা মুকলি গড়মূৰ পীতাম্বৰদেৱ গোস্বামী জিলা চিকিৎসালয়ত।


বুধবাৰে মাজুলীৰ শ্ৰী শ্ৰী পীতাম্বৰদেৱ গোস্বামী জিলা চিকিৎসালয়ত কৰুণ মৃত্যক সাৱটি লোৱা মাজুলীৰ প্ৰতিশ্ৰুতি সম্পন্ন শিল্পী তেজস্বিতা বৰুৱাৰ মৃত্যুৰ পাছতেই মাজুলীৰ স্বাস্থ্যখণ্ডৰ পৰিৱৰ্তনৰ বাবে জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগৰ বিশেষ তৎপৰতা দেখা গৈছে ।সমগ্ৰ ৰাজ্য জোকাৰি যোৱা তেজস্বিতাৰ আকস্মিক কৰুণ মৃত্যুৰ পাছত বৃহস্পতিবাৰে মাজুলীত উপস্থিত হোৱা স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই তেজস্বিতাৰ ঘৰত উপস্থিত হৈ পৰিয়াল বৰ্গক সমবেদনা জনোৱাৰ পাছতে জিলা চিকিৎসালয়ত উপস্থিত হৈ চিকিৎসালয়খনৰ দুৰৱস্থাৰ বিভিন্ন দিশ পৰিদৰ্শন কৰি সাধাৰণ ৰাইজ, দল-সংগঠন আৰু সাংবাদিকৰ সৈতে হোৱা মুখামুখি অনুষ্ঠানত মাজুলীৰ পয়ালগা স্বাস্থ্য খণ্ডৰ সমস্যাৰ ওৰ পেলাই ৰাসৰ পূৰ্বেই এমাহৰ ভিতৰত চিকিৎসালয়খনৰ আমূল পৰিৱৰ্তন ঘটোৱা হ'ব বুলি কৈ যোৱাৰ পাছত আজি জিলা চিকিৎসালয়ত তিনিখন নতুন ১০৮ সেৱা মুকলি কৰাৰ লগতে জিলা চিকিৎসালয়ত অধীক্ষকৰ দায়িত্বৰ পৰা অপসাৰণ হোৱা পূৰ্বৰ অধীক্ষক ডা০ অমূল্য গোস্বামীৰ ঠাইত ডা০ কিশোৰ কুমাৰ কামানে দায়িত্বভাৰ গ্ৰহণ কৰে।

উল্লেখ্য যে, মাজুলীৰ স্বাস্থ্যখণ্ডত আজি তিনিখনকৈ ১০৮ এম্বুলেন্স প্ৰদানৰ বিপৰীতে মাজুলীৰ ৰাইজৰ দূৰ্দশাৰ দৃশ্যৰ প্ৰতি দৃষ্টি ৰাখি প্ৰকৃতাৰ্থত চিকিৎসালয়খনত আধুনিক যন্ত্ৰপাতি যোগান ধৰাৰ লগতে বিশেষজ্ঞ চিকিৎসক নিয়োগ কৰি বাস্তৱ সমস্যা সামাধান কৰাত গুৰুত্ব আৰোপ কৰিবলৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মাজুলীৰ যুৱ-প্ৰজন্মই। তেজস্বিতাৰ মৃত্যুৰ পাছত বৰ্ত্তমান এই এম্বুলেঞ্চ সেৱা মুকলি সন্দৰ্ভত মাজুলীবাসীৰ মাজত প্ৰশ্ন উত্থাপন হৈছে যে উপযুক্ত স্বাস্হ্য সেৱা লাভ কৰিবলৈ আৰু কিমান জন মাজুলীবাসীয়ে প্ৰাণ হেৰুৱাব লাগিব ? এটা ঘটনা হলেহে চৰকাৰ প্ৰশাসনে তৎপৰতা দেখুৱাই যে পূৰ্বতে ৰাইজৰ অভিযোগ সমূহ কিয় আওকাণ কৰে ? কিয় প্ৰতিবাৰেই মাত্ৰ ঘোষণাতে থমকি ৰয় ? ৬ মাহ ধৰি ৰেডিঅলজিস্ট এগৰাকী কিয় চিকিৎসালয় খনত দিব পৰা নাই ? কিন্তু এনে বোৰ প্ৰশ্নৰ উত্তৰ চৰকাৰ-বিভাগ-প্ৰশাসনৰ হাতত নাই আৰু মাজুলীৰ ২ লক্ষ জনসাধাৰণে হ'য়তো এই পয়ালগা স্বাস্থ্য খণ্ডৰ লগত যুঁজি থাকোতেই পুনৰ পাহৰণিৰ গৰ্ভত হেৰাই যাব নেকি তেজস্বিতাৰ কৰুণ মৃত্যু ?

Post a Comment

Previous Post Next Post