অসমলৈ অহা কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ বিৰুদ্ধে অসম তৃণমূল যুৱ কংগ্ৰেছৰ প্ৰতিবাদ। আজি বিয়লি লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্ত:ৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা আহি থকা কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ কনভয়ৰ কাষত ৰৈ ক'লা পতাকা প্ৰদৰ্শন কৰে তৃণমূল যুৱ কংগ্ৰেছে।
দলটোৱে উল্লেখ কৰে যে মাত্ৰ কেইমাহমান পূৰ্বে বানত ককবকাই থকা সময়ত শোচনীয় হৈ পৰা অসমবাসীৰ দুৰ্বিসহ পৰিস্থিতি চাবলৈ আহৰি নোপোৱা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কেৱল দলীয় মুনাফা লাভৰ লক্ষ্য আগত ৰাখি অসমলৈ অহা বিষয়টোৰ বিৰুদ্ধে কলা পতাকা দেখুৱাই প্ৰতিবাদ সাব্যস্ত কৰা হৈছে।
এক বিবৃতিত অসম তৃণমূল যুৱ কংগ্ৰেছৰ সভাপতি বনদীপ দত্তই কেৱল ভোটৰ অংকতহে বিজেপিয়ে অসমবাসীলৈ মনত পেলায় বুলি মন্তব্য কৰি অসমৰ জ্বলন্ত সমস্যাসমূহক লৈ নিৰ্বিকাৰ হৈ অহা বিজ্ঞাপনসৰ্বস্ব বিজেপি চৰকাৰখনক জবাবদিহি কৰে।
লগতে বিজেপিৰ জনবিৰোধী নীতিৰ বিৰুদ্ধে অসম তৃণমূল কংগ্ৰেছে যুৱ প্ৰজন্ম তথা অসমবাসীক লগত লৈ আগন্তুক সময়ত ধাৰাবাহিক প্ৰতিবাদৰ কাৰ্যসূচী গ্ৰহণ কৰিব বুলি মন্তব্য কৰে সভাপতি দত্তই।
লগতে বিজেপিৰ জনবিৰোধী নীতিৰ বিৰুদ্ধে অসম তৃণমূল কংগ্ৰেছে যুৱ প্ৰজন্ম তথা অসমবাসীক লগত লৈ আগন্তুক সময়ত ধাৰাবাহিক প্ৰতিবাদৰ কাৰ্যসূচী গ্ৰহণ কৰিব বুলি মন্তব্য কৰে সভাপতি দত্তই।
