বিজয়া দশমীৰ আনন্দৰ মাজতে এক দুখজনক খবৰ। উত্তৰাখণ্ডত হিমস্খলনত সন্ধানহীন হৈ আছে এগৰাকী অসম কন্যা। সন্ধানহীন হৈ আছে অসমৰ দীপশিখা হাজৰিকা। নেহৰু ইনষ্টিটিউট অৱ মাউণ্টেইনিয়াৰিঙৰ ছাত্ৰী দীপশিখা। মঙলবাৰৰ পৰ্বতাৰোহীৰ দলটোত আছিল দীপশিখাও। এইপৰ্যন্ত দীপশিখাৰ কোনো শুংসূত্ৰ পোৱা নাই। এডভান্স মাউণ্টেইনিয়াৰিং কোৰ্চ কৰি আছিল দীপশিখাই। দীপশিখাৰ ঘৰ গুৱাহাটীৰ ৰাজগড়ত বুলি জানিব পৰা গৈছে।
Tags:
National
