আজি দুৰ্গা পূজাৰ (Durga Puja 2022) অন্তিমটো দিন। পুৱাৰে পৰা পূজা মণ্ডপত আৰম্ভ হৈছে দশমী বিহিত পূজা। ষষ্ঠীত আদৰি আনি বিজয়া দশমীৰ দিনাই ভক্তগণে বিদায় দিয়ে দেৱী দুৰ্গাক। লগে লগে অন্ত পৰে পূজাৰ উছাহ-উদ্দীপনা।আজি দেশৰ বিভিন্ন ৰাজ্যৰ লগতে অসমতো বিসৰ্জন দিয়া হ'ব দেৱী দুৰ্গাৰ প্ৰতিমা। ভক্তগণে অশ্ৰুসিক্ত নয়ণেৰে বিদায় দিব মা দুৰ্গাক। বিজয়া দশমীৰ দেৱীৰ আশীষ ল'বলৈ ভক্তসকলে ভিৰ কৰিছে পূজাস্থলীত।
মহানগৰীতো সাজু কৰা হৈছে দেৱী দুৰ্গাৰ বিসৰ্জনস্থলী। প্ৰতিমা বিসৰ্জনৰ বাবে ঘাটসমূহ সাজু কৰি তুলিছে প্ৰশাসনে। মহিলাসকলে সেন্দুৰ খেলি বিদায় দিব দেৱী দুৰ্গাক। মহানগৰীৰ ৬টা ঘাটত চলিব বিসৰ্জন ! দেৱী বিসৰ্জনৰ বাবে সাজু কৰি তোলা হৈছে ঘাটসমূহ.বিজয়া দশমীৰ দিনাই দেৱী দুৰ্গাৰ প্ৰতিমা নৈত উটুৱাই দিয়া হয়। সম্পূৰ্ণ নীতি-নিয়মৰ মাজেৰে প্ৰতিমা বিসৰ্জন দি এবছৰলৈ মা দুৰ্গাক বিদায় দিয়া হয়। ইয়াৰ পূৰ্বে অপৰাজিতা পূজা কৰা হয়।
দেৱীক বিদায় দিয়াৰ পূৰ্বে পূজাস্থলীসমূহত উছৱ মুখৰ পৰিৱেশ। বিসৰ্জনৰ বাবে বিসৰ্জনস্থলীলৈ ৰাওনা হৈছে বহু লোক।
