অৰুণাচল প্ৰদেশত সেনা বাহিনীৰ হেলিকপ্টাৰ দুৰ্ঘটনাত পতিত, এজন পাইলট নিহত


 

অৰুণাচল প্ৰদেশত সেনা বাহিনীৰ হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত।জেমিথাঙৰ সুৰৱা চাম্বাৰ পৰা উৰা মাৰিছিল চিতা হেলিকপ্টাৰখন। টাৱাঙৰ জেমিথাং বিটিকে অঞ্চলত দুৰ্ঘটনাত পতিত হয় হেলিকপ্টাৰখন।পুৱা ১০ বজাত সংঘটিত হয় এই দুৰ্ঘটনাটো। এই দুৰ্ঘটনাত নিহত হয় এজন পাইলট।হাস্পতালত মৃত্যু হোৱা পাইলটজন লেফটেনেণ্ট কৰ্ণেল সৌৰভ যাদৱ।

আহত আন এজন পাইলট বৰ্তমান চিকিৎসাধীন। দুৰ্ঘটনাৰ কাৰণ বৰ্তমানো জানিব পৰা হোৱা নাই।

Post a Comment

Previous Post Next Post