অসুস্থ শিশুৰ মুখত বিৰিঙিল হাঁহি! চুপাৰহিৰোৰ ৰূপত খিৰিকী পৰিস্কাৰ কৰা কৰ্মচাৰী


 

শিশুসকল বৰ নিৰ্দোষী। যদি শিশুসকল অসুস্থ হৈ পৰে তেন্তে সকলোৱে বিচলিত হৈ পৰে। সেয়ে কানাডাৰ এখন চিকিৎসালয়ত শিশুসকলৰ মুখত হাঁহি বিৰিঙাবৰ বাবে এক অনন্য পৰীক্ষা-নিৰীক্ষা কৰা হৈছিল। ৰোগীৰ মুখত হাঁহি এটা বিৰিঙাবলৈ ছুপাৰহিৰোৰ পোছাক পিন্ধি খিৰিকী চাফা কৰা কৰ্মচাৰীৰ এটা দল আহিছিল শিশু চিকিৎসালয়খনলৈ। যাতে শিশুসকলে নিজৰ প্ৰিয় চৰিত্ৰটো দেখি আনন্দিত হয়।


টুইটাৰত কেইবাখনো ছবি আপলোড কৰা হৈছে য’ত অভিভাৱকসকলে নিজৰ ল’ৰা-ছোৱালীক ছুপাৰহিৰো দেখুওৱা দেখা গৈছিল। ফটোখনৰ সৈতে লিখা আছে যে প্ৰতি বছৰে কানাডাৰ এই চিকিৎসালয়খনত খিৰিকী পৰিষ্কাৰ কৰা লোকসকলে ছুপাৰহিৰোৰ দৰে সাজ-পোছাক পৰিধান কৰে।

হাল্ক, থৰ, স্পাইডাৰ-মেন, বেটমেন আৰু আইৰণ মেনৰ দৰে সাজ-পোছাক পৰিধান কৰিছিল। ফটোবোৰত শিশুৰ কোঠাৰ খিৰিকীত কেইবাজনো খিৰিকী পৰিষ্কাৰ কৰা লোকে ছুপাৰহিৰো চৰিত্ৰৰ ৰূপত অভিনয় কৰা দেখা গৈছিল। শিশুসকলৰ সৈতে পোজ দিয়াৰ লগতে তেওঁলোকৰ মনোবল বৃদ্ধি কৰে। চাফাই কোম্পানীটোৰ কৰ্মচাৰীসকলে শিশুকেইটাৰ মুখত হাঁহি আনিলে।এনেধৰণৰ ঘটনাটো এইবাৰেই প্ৰথম নহয়। তাৰ আগতে এজন কৰ্মচাৰীয়ে স্পাইডাৰ-মেনৰ সাজ-পোছাক পিন্ধিছিল। কিছুমান পোষ্টাৰ লৈও আহিছিল, যাৰ ওপৰত লিখা আছিল, ‘তুমি এজন নায়ক’, আনফালে লিখা আছিল ‘তুমি আচৰিত। তুমি সাহসী তুমি শক্তিশালী। আনহাতে আইৰণ মেন আৰু থৰে কম বয়সীয়া ৰোগীৰ সৈতে পোজ দিছিল। এই ছবিবোৰে হৃদয় জয় কৰিছিল আৰু ইণ্টাৰনেট বহুত শ্বেয়াৰ কৰিছিল। ছবিবোৰত স্পষ্টকৈ দেখা পোৱাৰ দৰে ল’ৰা-ছোৱালীবোৰে নিজৰ প্ৰিয় ছুপাৰহিৰোৰ আভাস এটা দেখি মুখত আনন্দ আৰু হাঁহিৰে ৰোমাঞ্চিত হৈছিল।

Post a Comment

Previous Post Next Post