গুৱাহাটী মহানগৰীত পুনৰ সংঘটিত হ'ল এক চাঞ্চল্যকৰ। ৰফিক আলী নামৰ এজন যুৱকে ছুৰীৰে হানি–খুঁচি হত্যাৰ অপচেষ্টা চলালে এগৰাকী যুৱতীক। এই হিংসাত্মক ঘটনাটো সংঘটিত হয় নিৰাপত্তাৰ জ'ন হিচাপে চিহ্নিত নাৰেংগী সেনা শিবিৰত।
ছুৰিকাঘাতত গুৰুতৰভাৱে আহত হোৱা যুৱতীগৰাকী সম্প্ৰতি GMCHৰ ICUত মৃত্যুৰ সৈতে যুঁজি আছে।আহত যুৱতীগৰাকী নাৰেংগী সেনা শিবিৰৰ A BLOCKৰ ৮নং ঘৰৰ বাসিন্দা অঞ্জলি বিশ্বাস বুলি জানিব পৰা গৈছে। ঘটনাৰ কাৰণ সন্দৰ্ভত এতিয়ালৈ বিশেষ একো জানিব পৰা নাই।
