ৰাছিয়াৰ মেম’ৰিয়েল আৰু ইউক্ৰেইনৰ চেণ্টাৰ ফৰ চিভিল লিবাৰ্টিছলৈ ২০২২ বৰ্ষৰ শান্তিৰ নোবেল বঁটা ঘোষণা

 


আজি ঘোষণা কৰা হয় শান্তিৰ নোবেল বঁটা। বেলাৰুছৰ মানৱ অধিকাৰ কৰ্মী এলেছ বিয়ালিয়াটস্কি, ৰাছিয়াৰ মানৱ অধিকাৰ সংগঠন মেম’ৰিয়েল আৰু ইউক্ৰেইনৰ মানৱ অধিকাৰ সংগঠন চেণ্টাৰ ফৰ চিভিল লিবাৰ্টিছে ২০২২ চনৰ শান্তিৰ নোবেল বঁটা লাভ কৰে।

“শান্তি বঁটা বিজয়ীসকলে নিজৰ গৃহ দেশৰ নাগৰিক সমাজক প্ৰতিনিধিত্ব কৰে। তেওঁলোকে বহু বছৰ ধৰি ক্ষমতাক সমালোচনা কৰাৰ অধিকাৰ আৰু নাগৰিকৰ মৌলিক অধিকাৰ সুৰক্ষিত কৰাৰ অধিকাৰক প্ৰচাৰ কৰি আহিছে।’ বুলি ন'ৰৱেৰ নোবেল কমিটীয়ে উদ্ধৃতিযোগে এইদৰে কয়।

“যুদ্ধ অপৰাধ, মানৱ অধিকাৰ উলংঘা আৰু ক্ষমতাৰ অপব্যৱহাৰৰ নথিভুক্ত কৰাৰ বাবে তেওঁলোকে এক অসাধাৰণ প্ৰচেষ্টা চলাইছে। তেওঁলোকে একেলগে শান্তি আৰু গণতন্ত্ৰৰ বাবে নাগৰিক সমাজৰ তাৎপৰ্য্য প্ৰদৰ্শন কৰে।”

Post a Comment

Previous Post Next Post