তেজস্বিতাৰ মৃত্যুক লৈ অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই পুনৰ লিখিলে কবিতা


 

অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই পুনৰ লিখিলে কবিতা। এইবাৰৰ কবিতাৰ শিৰোনাম দৰ্পচূৰ্ণ। মাজুলীৰ শিশুশিল্পী তেজস্বিতা বৰুৱাৰ মৃত্যুৰ প্ৰসংগও উত্থাপন কৰা এই কবিতা তেওঁ বিজেপি চৰকাৰক কটাক্ষ কৰি লিখে।


বৰাই জাতি–মাটি–ভেটি ৰক্ষাৰ প্ৰচণ্ড শব্দত বৰগীত–খোল–তালে ছন্দ হেৰুওৱাৰ কথা উল্লেখ কৰি লিখে– ''অৰুণোদয় হৈছে আজি ক্ষমতাৰ ৰাজহাড়, মামাৰ নেতৃত্বত সৰ্বদিশে হাহাকাৰ।''

আনহাতে, বৰাই তেজস্বিতাৰ মৃত্যু অসমবাসীয়ে সহজভাৱে নলয় বুলি উল্লেখ কৰি কয় যে
বিজেপি চৰকাৰ মাজুলীৰ বাবে অভিশপ্ত হৈ পৰিছে। অসমত উন্নয়ন নে চকুপানীৰ গংগা বৈছে? নাও দুৰ্ঘটনাৰ বাৰ্ষিক উৎসৱ আয়োজন কৰিব পৰা হৈছে। নিৰ্বাচনৰ সময়ত অসম জিলিকিব বুলি কৈছিল। কিন্তু এতিয়া চিকিৎসালয়ত চিকিৎসক নাই।

কংগ্ৰেছ সভাপতি বৰাই মাজুলীৰ স্বাস্থ্যখণ্ডৰ প্ৰসংগত কয় যে বিজ্ঞাপনৰ নামত ১০০ কোটি, মুখ্যমন্ত্ৰীৰ হেলিকপ্টাৰত ২০ কোটি টকা ব্যয় কৰা বিজেপিয়ে দলৰ বাবে ৪৫ খন গাড়ী ক্ৰয় কৰিব পাৰে, কিন্তু মাজুলীৰ বাবে কিয় অক্সিজেন চিলিণ্ডাৰ এটা দিব নোৱাৰে। বৰাই লগতে কয়– মই কবিতা লিখিলে আবেলিলৈ এচিড বৰষুণ হ'ব।

Post a Comment

Previous Post Next Post